Sexual harassment case : 60 উৰ্ধৰ ব্যক্তিৰ কামনাৰ বলি হৈ অন্তঃসত্বা হ’ল বিশেষভাৱে সক্ষম যুৱতী

author img

By

Published : Jan 9, 2023, 8:41 PM IST

Sexual harassment case

মাজুলীত 60 উৰ্ধৰ বৃদ্ধৰ কামনাৰ বলি এগৰাকী বিশেষভাৱে সক্ষম যুৱতী (Differently abled girl sexually assaults) ৷ 4 মাহৰ অন্তত পোহৰলৈ আহে তিনি সন্তানৰ পিতৃ ডিম্ব কলিতাই সংঘটিত কৰা এই অপকৰ্মৰ কথা ৷ বৰ্তমান জেংৰাইমুখ আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত ডিম্ব ৷

মাজুলীত বিশেষভাৱে সক্ষম যুৱতীক শ্লীলতা হানিৰ চেষ্টা

মাজুলী, 9 জানুৱাৰী : সত্ৰনগৰী মাজুলীত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ মাজুলী ধনাই চাপৰিৰ এগৰাকী 60 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হৈ অন্তঃসত্বা হ’ল এগৰাকী বিশেষভাৱে সক্ষম যুৱতী (Sexual harassment case) ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ 60 বছৰীয়া বৃদ্ধ ডিম্ব কলিতাই এই অসৎ কৰ্ম সংঘটিত কৰে (differently abled girl sexually assaults) ৷ আনকি অভিযুক্ত ডিম্ব কলিতাই আৰক্ষীৰ লগতে সংবাদ মাধ্যমৰ আগতো অসৎ কৰ্ম সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, দৰিদ্ৰ পৰিয়ালৰ বিশেষভাৱে সক্ষম যুৱতীগৰাকীক ঘৰত অকলে থৈ তেওঁৰ মাতৃয়ে প্ৰতিদিনে হাজিৰা কৰিবলৈ ওলাই যায় ৷ এই কথা গম পাইছিল তিনি সন্তানৰ পিতৃ বৃদ্ধ ডিম্ব কলিতাই ৷ বিশেষভাৱে সক্ষম যুৱতী ঘৰত মাতৃৰ নথকাৰ সুযোগ লৈ অভিযুক্ত ডিম্ব কলিতাই তেওঁলোকৰ ঘৰলৈ আহে ৷

আনকি বিভিন্ন প্ৰলোভন দেখুৱাই প্ৰয় 4-5 মাহৰ পূৰ্বে বিশেষভাৱে সক্ষম যুৱতীগৰাকীক শ্লীলতা হানিৰ চেষ্টা কৰে ৷ আনকি এই সন্দৰ্ভত কাকো একো নজনাবলৈ অভিযুক্ত ডিম্ব কলিতাই বিশেষভাৱে সক্ষম ভুক্তভোগী যুৱতীগৰাকীক ভাবুকি প্ৰদান কৰে ৷ সময় বাগৰিল ৷ প্ৰথম অৱস্থাত যুৱতীগৰাকী এই কথা কাকো একো নজনালে ৷ কিন্তু দিনক দিনে ভুক্তভোগী যুৱতীগৰাকীৰ স্বাস্থ্য অৱনতি হ’বলৈ ধৰিলে ৷ প্ৰথম অৱস্থাত ভুক্তভোগী যুৱতীগৰাকীৰ মাতৃয়ে ফাৰ্মাচী পৰা দৰৱ আনি খাবলৈ পৰামৰ্শ দিয়ে যুৱতীগৰাকীক (Rape case in Majuli) ৷

লগতে পঢ়ক : Molestation case in Majuli : ছাত্ৰীক যৌন নিৰ্যাতন চলাই ধনৰ প্ৰলোভন দিয়া শিক্ষকক গ্ৰেপ্তাৰ

কিন্তু সঘনাই ভুক্তভোগী যুৱতীগৰাকীৰ পেটৰ বিষ হ’বলৈ ধৰাত তেওঁৰ মাতৃয়ে ধেমাজিত গৈ চিকিৎসকৰ কাষ চাপে ৷ তেতিয়াহে সকলো কথা পোহৰলৈ আহে ৷ আনকি চিকিৎসকে বিশেষভাৱে সক্ষম যুৱতী 4 মাহত অন্তঃসত্বা বুলিও উল্লেখ কৰে ৷ এই কথা গম পাই দিকবিদিক হেৰুৱাই পেলায় বিশেষভাৱে সক্ষম যুৱতীৰ মাতৃ ৷

তাৰ পাচত যুৱতীগৰাকীৰ মাতৃয়ে শনিবাৰে কাষ চাপে জেংৰাইমুখ আৰক্ষীৰ ৷ জেংৰাইমুখ থানাৰ আৰক্ষীৰ তৎপৰতাত আটক কৰা হয় অভিযুক্ত 60 বছৰীয়া বৃদ্ধ ডিম্ব কলিতাক ৷ আনকি শনিবাৰে নিশাই নতুন বজাৰ আৰক্ষী চকীলৈ লৈ আহে অভিযুক্ত ডিম্ব কলিতাৰ লগতে ভুক্তভোগী যুৱতীগৰাকীক ৷

পৰৱৰ্তী সময়ত দুয়োকে জেংৰাইমুখ থানালৈ লৈ অনা হয় আনে ৷ দুয়োৰে স্বাস্থ্য পৰীক্ষাৰ অন্তত 4 মাহত পূৰ্বে সংঘটিত হোৱা ঘটনা সন্দৰ্ভত জেংৰাইমুখ থানাৰ আৰক্ষীয়ে সোধ-পোচ কৰে ৷ অৰক্ষীৰ জেৰাত সকলো কথা স্বীকাৰ কৰে অভিযুক্ত ডিম্ব কলিতাই ৷

লগতে পঢ়ক : Sexual harassment case : ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি কন্যা শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.