Rhino terror at Kaliabar: গঁড়ৰ মুক্ত বিচৰণত ত্ৰাসিত কলিয়াবৰবাসী

By

Published : May 24, 2023, 11:00 PM IST

thumbnail

কলিয়াবৰ,২৪ মে': বন্য জীৱ-জন্তুৰ বিচৰণস্থলীলৈ যেন পৰিণত হৈছে কলিয়াবৰ । বন্যহস্তীৰ সন্ত্ৰাসে কোঙা কৰি ৰখা কলিয়াবৰবাসীৰ মাজত সৌ সিদিনালৈকে বিৰাজ কৰিছিল বাঘৰ আতংকই । পুনৰ কলিয়াবৰৰ বিভিন্ন স্থানত দেখা গৈছে গঁড়ৰ মুক্ত বিচৰণ (Rhino at Kaliabar) । এইবাৰ কলিয়াবৰ চাহ বাগিচাত মুক্ত বিচৰণ এটা প্ৰকাণ্ড গঁড়ৰ (Free roaming of Rhino creates panic at Kaliabar) ।  

বিগত কেইবাদিনো এটা গঁড়ে খাদ‍্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ওলাই আহি কলিয়াবৰ চাহ বাগিচা এলেকাত প্ৰবেশ কৰি বিচৰণ কৰি ফুৰা প্ৰত্যক্ষ কৰে বাগিচাখনৰ শ্ৰমিকে (Rhino terror at Kaliabar) । একো ক্ষতি সাধন নকৰাকৈ গঁড়টোৱে বিচৰণ কৰিছে চাহ বাগিচাখনৰ এলেকাত । তাৰ মাজতেই চাহ শ্ৰমিক সকলে কাম কৰি আছে বাগিচাত । শীঘ্ৰে গঁড়টোক কাজিৰঙালৈ খেদি পঠোৱাৰ আহ্বান জনাই শ্ৰমিকসকলে । 

লগতে পঢ়ক: Protest in Jorhat: অংগনৱাড়ী কৰ্মী - সহায়িকাৰ প্ৰতিবাদত কঁপিল যোৰহাট

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.