জন্মদিনত কেক কটাৰ পৰিৱৰ্তে গছপুলি ৰোৱাৰ আহ্বান অৰণ্য মানৱৰ

By

Published : Jul 4, 2022, 8:54 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

৭৩ তম বন মহোৎসৱ(Van Mahotsav 2022) উপলক্ষে শিৱসাগৰ বন সংমণ্ডলৰ সৌজন্যত চৰাইদেউৰ চলা গ্ৰাম্য অভয়াৰণ্যত সজাগতা সভা আৰু বৃক্ষৰোপণ কাৰ্য্যসূচী । চলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানটোত অংশগ্ৰহণ কৰে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে (Forest Man Jadav Payeng) । ৭৩ তম বন মহোৎসৱ সপ্তাহৰ লগত সংগতি ৰাখি আয়োজন কৰা উক্ত অনুষ্ঠানত পদ্মশ্ৰী যাদৱ পায়েঙে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মানৱ জাতিক গছপুলি ৰোপণ কৰাৰ লগতে প্ৰতিপালন কৰিবলৈ আহ্বান জনায় । শিৱসাগৰ বন সংমণ্ডলৰ(Sivasagar forest division) সৌজন্যত চলা গ্ৰাম্য অভয়াৰণ্য সমিতি আৰু WWF ৰ সহযোগত অনুষ্ঠিত উক্ত অনুষ্ঠানত উপস্থিত থাকে চৰাইদেউ জিলাৰ উপায়ুক্ত, অবিভক্ত শিৱসাগৰ জিলাৰ বন বিষয়া আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু অন্যান্য গণ্য-মন্য ব্যক্তি । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজ হাতেৰে এটা গছপুলি ৰোপন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ জন্ম দিনত কেক কটাৰ পৰিৱৰ্তে গছপুলি ৰোৱাৰ আহ্বান জনায় অৰণ্য মানৱ যাদৱ পায়েঙে (Forest man of India) ৷

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.