Deforestation in Chirang: চিৰাঙত বন বিভাগৰ দুই ছাৰ্ভিছ প্ৰভাইডাৰক বৰ্খাস্ত

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 4:35 PM IST

thumbnail

চিৰাং, ১৫ নৱেম্বৰ : চিৰাং জিলাৰ বন ধ্বংসৰ সৈতে জড়িত বন বিভাগৰ দুই ছাৰ্ভিছ প্ৰভাইডাৰক বৰ্খাস্ত কৰিছে বন বিভাগে । এই দুয়োজন বন সুৰক্ষাৰ বাবে নিয়োজিত আছিল । চিৰাং বন বিভাগৰ নিৰ্দেশনাৰ পিচতেই বন বিভাগৰ দুজনকৈ ছাৰ্ভিছ প্ৰভাইডাৰক (প্ৰাক্তন এনডিএফবিৰ এনজিঅ' সদস্য) তৎকালিনভাৱে বৰ্খাস্ত কৰে চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে । 

এইসকল ছাৰ্ভিচ প্ৰভাইডাৰক (প্ৰাক্তন এনডিএফবিৰ এনজিঅ' সদস্য) নিয়োগ কৰিছিল বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে । যোৱা ১ নৱেম্বৰত বন সুৰক্ষাত জড়িত থকা এই ছাৰ্ভিছ প্ৰভাইডাৰ দীনেন নাৰ্জৰী আৰু ডাম্ফা বসুমতাৰীয়ে হাজিৰা শ্ৰমিকৰ দ্বাৰা গছ কাটি সেই গছৰ কুণ্ডা সমূহ উলিয়াই আনোতেই ৰাইজে  হাতে-লোটে ধৰিছিল । লগে লগে চিৰাং জিলা প্ৰশাসনে এই সন্দৰ্ভত তদন্ত ঘোষণাৰে আগবাঢ়িছিল যদিও তদন্তৰ প্ৰতিবেদন এতিয়াও প্ৰকাশ কৰা নাই ।  চিৰাঙৰ ডিএফঅ' ব্ৰহ্মানন্দ পাতিৰীয়ে এই সন্দৰ্ভত কয় যে এই বন ধ্বংসৰ সৈতে জড়িত প্ৰতিজন লোকক গ্ৰেপ্তাৰ কৰা হ'ব । 

লগতে পঢ়ক:AAP Lok Sabha election preparation: তেজপুৰ সমষ্টিত আম আদমী পাৰ্টীৰ স্থিতি সৱল বুলি দাবী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.