ETV Bharat / state

AAP Lok Sabha election preparation: তেজপুৰ সমষ্টিত আম আদমী পাৰ্টীৰ স্থিতি সৱল বুলি দাবী

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 3:27 PM IST

তেজপুৰ লোকসভা সমষ্টিত নিৰ্বাচনী আধিপত্য বিস্তাৰ কৰিবলৈ ককাঁলত টঙালি বান্ধিছে আম আদমী পাৰ্টীয়ে । কংগ্ৰেছতকৈ আগত প্ৰাৰ্থীৰ তালিকাৰ পেনেল প্ৰস্তুত আম আদমী পাৰ্টীৰ । ৰাজ্যৰ ৫ টাকৈ লোকসভা সমষ্টিত প্ৰাৰ্থীৰ দাবী উত্থাপন ।

Aam Aadmi Partys election preparation
নিৰ্বাচনী কুচকাৱাজ আম আদমী পাৰ্টীৰ
নিৰ্বাচনী কুচকাৱাজ আম আদমী পাৰ্টীৰ

বিশ্বনাথ, ১৫ নৱেম্বৰ : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তেজপুৰ লোকসভা সমষ্টিত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে আম আদমী পাৰ্টীৰ । ৰাজ্যৰ পাঁচটাকৈ লোকসভা সমষ্টিত এইবাৰ আম আদমী পাৰ্টীয়ে নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ লগতে ইতিমধ্যে ইতিবাচক ইংগিত লাভ কৰিছে বুলি কয় আম আদমী পাৰ্টীৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ঋষিৰাজ কুণ্ডিন্যই ৷ ইয়াৰ ভিতৰত অন্যতম লোকসভা সমষ্টি তেজপুৰ লোকসভা সমষ্টি বুলি তেওঁ কয় ।

তেজপুৰ লোকসভা সমষ্টিত আম আদমী পাৰ্টীৰ স্থিতি সৱল বুলি দাবী কৰিছে আম আদমী পাৰ্টীৰ নেতৃত্বই। কেৱল সৱল স্থিতিয়ে নহয়,ৰাইজে চৰকাৰৰ কাৰ্যকলাপ দেখি পাৰিলে এতিয়াই লোকসভালৈ আপৰ সাংসদ পঠিয়াই দিব বুলিও মন্তব্য কৰিছে আম আদমী পাৰ্টীৰ নেতৃত্বই ।

উল্লেখ্য যে মঙলবাৰে দিনৰ ১ বজাৰ পৰা নিশা ৮ বজালৈকে বিশ্বনাথ নগৰত আম আদমী পাৰ্টীৰ এক সাংগঠানিক সভা অনুষ্ঠিত হয় । এই সভাত তেজপুৰ লোকসভাৰ সমষ্টিৰ অন্তৰ্গত আপ'ৰ ৯ টাকৈ বিধানসভা সমষ্টিৰ সভাপতি সম্পাদকৰ উপস্থিতিত নিৰ্বাচনী ৰণকৌশল তথা সাংগঠানিক দিশত আলোচনাত মিলিত হয় দলটো । দলটোৰ নেতৃত্বই এই সভাতে লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবলৈ সম্পূৰ্ণ সাজু থকাৰ লগতে ইণ্ডিয়া এলায়েঞ্চে উক্ত লোকসভা সমষ্টি সমূহত সাংগঠানিক কাম কাজ কৰিবলৈ দিছে বুলিও মন্তব্য কৰে।

লগতে পঢ়ক:Sarbananda Sonowal At GCDS: সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ চূড়ান্ত নাট্যশ্লাঘ্য অনুষ্ঠানত সৰ্বানন্দ সোণোৱাল

অসম ৰাজ্যিক আম আদমী পাৰ্টীৰ যুটীয়া সম্পাদক অম্লান জ্যোতি হাতীবৰুৱাইবাই ইণ্ডিয়া এলায়েঞ্চৰ কিছু সংখ্যক নেতা-কৰ্মীয়ে আম আদমী পাৰ্টীক তুচ্ছ-তাচ্চিল্য় কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায় । লগতে তেজপুৰৰ সমান্তৰালকৈ আন ৪টা লোকসভা সমষ্টিত নিৰ্বাচনী ৰণডংকা বজাবলৈ সাজু হৈছে বুলি মন্তব্য আগবঢ়ায় অসম ৰাজ্যিক আম আদমী পাৰ্টীৰ যুটীয়া সম্পাদক অম্লান জ্যোতি হাতীবৰুৱাইবাই ।

লগতে পঢ়ক:Ajmal throws Salang Chadar at public rally: চেলেং চাদৰ দলিয়াই পুনৰ অসমীয়াক অপমান সাংসদ বদৰুদ্দিন আজমলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.