Ajmal throws Salang Chadar at public rally: চেলেং চাদৰ দলিয়াই পুনৰ অসমীয়াক অপমান সাংসদ বদৰুদ্দিন আজমলৰ

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 10:04 AM IST

thumbnail

মৰিগাঁও, 15 নৱেম্বৰ: অসমীয়াৰ চেনেহৰ তথা গৌৰৱৰ প্ৰতীক চেলেঙক চৰম অপমান এ আই ইউ ডি এফ দলৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলৰ । মৰিগাঁও ৮১নং লাহৰীঘাট বিধানসভা সমষ্টিৰ লাহৰীঘাট ব্লক খেলপথাৰত মঙলবাৰে অনুষ্ঠিত দলৰ বিশাল গণ সমাবেশত অসমীয়া জাতিৰ অতি সন্মানীয় তথা আদৰৰ চেলেং চাদৰখনক ৰাজহুৱাভাৱে দলিয়াই দিলে স্বয়ম্ভূ তথা তথাকথিত সংখ্যালঘুৰ ৰাইজৰ ত্ৰাণকৰ্তা মৌলানা বদৰুদ্দিন আজমলে ৷

গণসমাবেশখনত AIUDF মুৰব্বী বদৰুদ্দিন আজমলক দলীয় কৰ্মীসকলে ফুলাম গামোচা, জাপি আৰু অসম আৰু অসমীয়াৰ হেঁপাহৰ তথা স্বাভিমানৰ প্ৰতীক সৰুসূতাৰ চেলেং চাদৰে আদৰণি জনাইছিল ৷ পিছে ৰাজনীতিৰ নামত সদায় হিন্দু-মুছলমানৰ নীতি কৰা বদৰুদ্দিন আজমলে গণসমাবেশত ৰাজহুৱাকৈ অসমীয়া আদৰৰ চেলেঙক দলিয়াই ঘোৰ অপমান কৰিলে চেলেঙক ।

এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ লাহৰীঘাট তথা মৰিগাঁও জিলাত ।

লগতে পঢ়ক: Ajmal controversial statement: আজমলৰ ৰাজনীতিৰ বিতৰ্কৰ জোলোঙাত আকৌ অসমীয়া ভাষা কিয় ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.