Football Referee workshop: মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ ফুটবল ৰেফাৰী কৰ্মশালাত সম্বৰ্ধনা

By

Published : Apr 30, 2023, 9:18 PM IST

thumbnail

মৰিগাঁও, ৩০ এপ্ৰিল: মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ফুটবল খেল পৰিচালকসকলৰ দুদিনীয়া কৰ্মশালা অনুষ্ঠিত হয় (Football Referee workshop at Marigaon)। মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত ২৯ আৰু ৩০ এপ্ৰিলত দুদিনীয়াকৈ অনুষ্ঠিত হয় মৰিগাঁও জিলাৰ ফুটবল ৰেফাৰীসকলৰ কৰ্মশালা (Morigaon District Sports Association)। উক্ত কৰ্মশালাত ফুটবল ৰেফাৰীসকলক বিভিন্ন দিশত দিহা পৰামৰ্শ প্ৰদান কৰে সদৌ অসম ফুটবল ৰেফাৰী সন্থাৰ সদস্য সুশান্ত সেনে ।

অসম ফুটবলৰ ৰেফাৰী সন্থাৰ সদস্য সুশান্ত সেনে ৰাজ্যৰ তথা মৰিগাঁও জিলাৰ ৰেফাৰীসকলক আন্তঃৰাষ্ট্ৰীয় ফুটবল ৰেফাৰীসকলৰ সমপৰ্যায়ৰ প্ৰশিক্ষণৰ পোষকতা কৰি ইয়াৰ বাবে অসম ফুটবল ৰেফাৰীসকলক তথা কৰ্মশালাত অংশ লোৱা সকলো ৰেফাৰীকে মানসিকভাৱে প্ৰস্তুত কৰিবলৈ আহবান জনাই । 

আনহাতে, উক্ত কৰ্মশালাতে জিলাখনৰ বিভিন্ন পৰ্যায়ৰ প্ৰাক্তন ফুটবল ৰেফাৰীসকলৰ লগতে প্ৰয়াত ক্ৰীড়া সংগঠক আৰু ৰেফাৰী সকলৰ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে মৰিগাঁও জিলা ৰেফাৰী সন্থাই (Felicitation of Morigaon District Sports Association)। লগতে মৰিগাঁৱৰ পৰা সন্তোষ ট্ৰফী ফুটবলত জিলিকি উঠা সত্যজিৎ বৰদলৈকো সম্বৰ্ধনা জনাই মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ লগতে ফুটবল ৰেফাৰী সন্থাই ।

লগতে পঢ়ক:Arunoday Scheme Scam: ৰঙিয়াত অৰুণোদয় বঞ্চিত মহিলাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.