Flood in Lakhimpur:লখিমপুৰত পুৱতি নিশা গাভৰুৰ তাণ্ডৱ

By

Published : Jun 27, 2023, 8:54 PM IST

thumbnail

লখিমপুৰ,27 জুন: পুৱতি নিশাৰ পৰা লখিমপুৰত তাণ্ডৱ চলাইছে গাভৰুৱে । গাভৰুৰ তাণ্ডৱত ৰাইজ আতংকিত  হৈছে । পিছে লখিমপুৰত পুৱতি নিশাৰ পৰা তাণ্ডৱ সৃষ্টি কৰা গাভৰু কোনো তেজ-মঙহৰ গাভৰু নহয় । গাভৰু হ’ল জিলাখনৰ মাজেৰে বৈ যোৱা নৈ সমূহৰ অন্যতম এখন খৰস্ৰোতা নৈ।

গাভৰু নৈৰ বাঢ়নি পানীয়ে দহখনৰো অধিক গাঁও বুৰাই পেলাইছে । হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে জিলাখনৰ মধ্য অঞ্চলত । উল্লেখ্য গাভৰু নদীৰ বাঢ়নি পানীয়ে পুৱতি নিশা ৰঙাজান-মাজগাঁৱৰ কাষত মথাউৰি ছিঙি নিয়ে ।

মথাউৰি ছিঙি যোৱাৰ ফলত পুৱাৰ ভাগতে গাভৰু টুনিজান এলেকাৰ দহখনৰো অধিক গাঁৱৰ বিভিন্ন জনৰ ঘৰৰ ভিতৰত পানী সোমাই হাঁহ, কুকুৰা উটুৱাই নিয়াৰ লগতে বিস্তৰ ক্ষতি সাধন কৰে । হঠাৎ হোৱা এই বানৰ কবলত পৰি ৰাইজ বিস্তৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয় ৷

ইফালে জলসম্পদ বিভাগে বিজ্ঞানসন্মত ভাৱে মথাউৰি নিৰ্মাণ নকৰিলে অনাগত দিনত গাভৰু নদীয়ে ৰাইজৰ প্ৰতি বৃহৎ ভাবুকিৰ সৃষ্টি কৰিব বুলি উল্লেখ কৰে ৰাইজে । 

লগতে পঢ়ক:Heated situation in Hailakandi: হাইলাকান্দিত বন্ধক লৈ উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.