Firing incident at Naharkatia : দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলীৰ ঘটনা

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 8:19 PM IST

Updated : Sep 18, 2023, 8:27 PM IST

thumbnail

ডিব্ৰুগড়, 18 ছেপ্টেম্বৰ : দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীচালনাৰ ঘটনা ৷ বনকৰ্মী আৰু চোৰাং কাঠ মাফিয়াৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে ৷ সোমবাৰে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ শুকানজুৰি খণ্ড বন কাৰ্যালয়ৰ অধীনৰ বাসৱ নলা আৰু ট্ৰাক নলাৰ সমীপত সংঘটিত হয় এই ঘটনা ৷

জানিব পৰা মতে, শুকানজুৰি খণ্ড বন কাৰ্যালয় আৰু হুগৰীপথাৰ কেম্পৰ বনকৰ্মীৰ এটা দলে ৰাষ্ট্ৰীয় উদ্যানখনত নিয়মীয়া টহল দি থকা সময়ত সংঘটিত হয় এই ঘটনা । আনহাতে এগৰাকী চোৰাং কাঠ মাফিয়া বনকৰ্মীৰ গুলীত আহত হোৱাৰ সন্দেহ কৰা হৈছে । বৰ্তমানলৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও বন বিভাগে এটা ৰাইফল আৰু ম'বাইল জব্দ কৰে ঘটনাস্থলীৰ পৰা ।

উল্লেখ্যে যে, ৰাষ্ট্ৰীয় উদ্যানখনত বিভিন্ন সময়ত চলি থকা বন ধ্বংস যজ্ঞক খবৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ সেয়ে ৰাষ্ট্ৰীয় উদ্যানখনত কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে বন বিভাগে । ইয়াৰ মাজতে আজি নাহৰকটীয়া জয়পুৰৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হয় বনকৰ্মী আৰু চোৰাং কাঠ মাফিয়াৰ মাজত গুলীয়াগুলী ৷ 

লগতে পঢ়ক:Namrup Municipal Board: কৰ সংগ্ৰহৰ নামত জালিয়াতি; আটক নামৰূপ পৌৰসভাৰ কৰ্মচাৰী

Last Updated : Sep 18, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.