Namrup Municipal Board: কৰ সংগ্ৰহৰ নামত জালিয়াতি; আটক নামৰূপ পৌৰসভাৰ কৰ্মচাৰী

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 5:05 PM IST

thumbnail

ডিব্ৰুগড়, 17 ছেপ্টেম্বৰ: পৌৰসভা এলেকাত ৰাজ্য চৰকাৰে বিভিন্ন ক্ষেত্ৰত কৰ বৃদ্ধি কৰাক লৈ ৰাইজৰ মাজত অসন্তুষ্টি চলি থকাৰ মাজতে ডিব্ৰুগড় জিলাৰ নামৰূপ পৌৰসভাত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী ৷ কৰ সংগ্ৰহৰ নামত ব্যাপক জালিয়াতিৰে ৰাজু দাস নামৰ কৰ্মচাৰীজনে বিভিন্ন ব্যক্তিৰ পৰা বিগত কেইবাবছৰো সংগ্ৰহ কৰি আহিছিল লক্ষাধিক টকা ৷  

উল্লেখ্য যে ৰাইজে এই কৰৰ জালিয়াতি ধৰা পেলাই পৌৰসভাক অৱগত কৰা পাছতেই নামৰূপ পৌৰসভাৰ পৌৰপতি প্ৰশান্ত গগৈয়ে পৌৰসভাৰ কৰ্মচাৰী ৰাজু দাসৰ বিৰুদ্ধে নামৰূপ থানাত এক গোচৰ ৰুজু কৰে ৷ চাৰিদিন ধৰি পলাতক অৱস্থাত থকা অভিযুক্ত ৰাজু দাসক শনিবাৰে নিশা নামৰূপ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৪২০, ৪০৬, ৪০৮, ৪৬৮, ৪৭১ অধীনত গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত আটকাধীন ৰাজু দাসক জেৰা চলাইছে আৰক্ষীয়ে ৷

নামৰূপ পৌৰসভাৰ পৌৰপতি প্ৰশান্ত গগৈয়ে জানিবলৈ দিয়া মতে ৰাইজে দিয়া অভিযোগৰ পৰাই সকলো কৰ সংগ্ৰহৰ কেলেংকাৰী পোহৰলৈ আহিছিল ৷ গ্ৰাহকক দিয়া কৰ সংগ্ৰহৰ ৰচিদৰ লগত অফিচৰ ৰচিদৰ মিল নাছিল ৷ লগতে বিগত কেইবাবছৰ পুৰণি ৰচিদ বহী লৈ কৰিছিল কৰ সংগ্ৰহ ৷ কিন্তু সংগ্ৰহ কৰা কৰ জমা দিয়া নাছিল কাৰ্যালয়ত ৷ 

লগতে পঢ়ক : Amrit Brikshya Andolan: নিজৰ গাত বোকা থকাৰ পাচত আনলৈ কিয় ছটিয়াই ! সাংসদ গৌৰৱলৈ প্ৰশ্ন মন্ত্ৰী জয়ন্তৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.