Fire breaks out at electricity pole: মূল পথৰ কাষতে বিদ্যুতৰ খুঁটাত অগ্নিকাণ্ড

By

Published : Aug 19, 2023, 9:12 PM IST

thumbnail

সৰুপথাৰ, ১৯ আগষ্ট : সৰুপথাৰৰ পদুমণিত বিয়লিৰ ভাগত এটা বিদ্যুতৰ খুঁটাত অগ্নি সংযোগ হৈ জ্বলি উঠে বিদ্যুতৰ তাঁৰ । শংকিত হৈ পৰে স্থানীয় ৰাইজ ৷ পদুমণিৰ মূল পথৰ কাষতে হোৱা এই অগ্নি সংযোগৰ ঘটনা দেখি প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ তুলিছে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে । স্থানীয় ৰাইজে অভিযোগ কৰাৰ মতে বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাৰ বাবেই এই অগ্নি সংযোগৰ ঘটনা সংঘটিত হ’বলৈ পাইছে ।

তাৎপৰ্যপূৰ্ণ যে জ্বলি উঠা বিদ্যুতৰ খুঁটাত ওলমি আছিল বহু পৰিমাণৰ বিদ্যুৎ পৰিবাহী তাঁৰ । প্ৰায় ৩০ মিনিট ধৰি জ্বলি থকা এই অগ্নি স্থানীয় ৰাইজে একেলগে অহৰহ প্ৰচেষ্টাত নুমুৱাবলৈ সক্ষম হয় । প্ৰশ্ন হৈছে বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাৰ বাবেই কেতিয়াবা ভূগিব লাগিব নেকি স্থানীয় ৰাইজে ?

লগতে পঢ়ক : Fire breaks out: বিধ্বংসী অগ্নিকাণ্ড; চকুৰ সন্মুখতে ছাই হৈ গ’ল ব্যৱসায়িক প্ৰতিষ্ঠান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.