নলবাৰীত ভূমিকেন্দ্ৰিক সংঘাত, গুৰুতৰভাৱে আহত চাৰিগৰাকী

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 11:08 PM IST

thumbnail

নলবাৰী, ৩ জানুৱাৰী : নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ ৩ নং কান্ধবাৰীত ভূমিকেন্দ্ৰিক সংঘাত । এডৰা বিবদমান ভূমিক কেন্দ্ৰ কৰি নিশা ৩ নং কান্ধবাৰীৰ এটা পৰিয়ালে আন এটা পৰিয়ালক আক্ৰমণ কৰে । ফলত এটা পৰিয়ালৰ চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত হয় ।

জানিব পৰা মতে পূৰ্বৰে পৰা বিবাদ চলি থকা এডৰা ভূমিক কেন্দ্ৰ কৰি তমচেৰ আলীৰ পৰিয়ালৰ লোকে নিশা কাজিমুদ্দিনৰ পৰিয়ালৰ লোকক আক্ৰমণ কৰে । তমচেৰ আলীৰ পৰিয়ালৰ এদল লোকে হাতত যাঠি-জোং লৈ কাজিমুদ্দিনৰ বাসগৃহত আক্ৰমণ চলাই ঘৰৰ দুৱাৰ-খিৰিকী ভঙাৰ লগতে বিভিন্ন সামগ্ৰী লণ্ডভণ্ড কৰে ।

দলটোৰ আক্ৰমণত কাজিমুদ্দিনৰ পৰিয়ালৰ উমিয়া খাতুন(42), চাহাবুদ্দিন (40), চান্দমহম্মদ(35) আৰু মৰিয়ম বেগম(28) গুৰুতৰভাৱে আহত হয় ।

আহতসকলক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পৰৱৰ্তী সময়ত ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

লগতে পঢ়ক: বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক চেণ্ডেলেৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ উদণ্ড যুৱকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.