ETV Bharat / state

বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক চেণ্ডেলেৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ উদণ্ড যুৱকৰ

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 1:20 PM IST

School headmistress thrashed : গুণোৎসৱৰ প্ৰস্তুতিৰ মাজতেই বৰপেটা জিলাৰ কলগাছিয়াতস্থিত ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডত অঘটন ৷ চাফাই কামৰ জাবৰ উৰি পৰাৰ বাবেই প্ৰধান শিক্ষয়িত্ৰীক চেণ্ডেলেৰে কোবাই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে উদণ্ড যুৱকে ।

Etv BharatSchool headmistress thrashed
বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক চেণ্ডেলেৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ উদণ্ড যুৱকৰ

বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক চেণ্ডেলেৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ উদণ্ড যুৱকৰ

জনীয়া, 3 জানুৱাৰী : আজি অৰ্থাৎ 3 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈ অসমত আৰম্ভ হৈছে 'গুণোৎসৱ' ৷ এইবেলি তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব গুণোৎসৱৰ কাৰ্যসূচী । ইয়াৰেই অংশস্বৰূপে বৰপেটা জিলাৰ কলগাছিয়াস্থিত ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত 1923 নং পশ্চিম ডিমাপুৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱৰ প্ৰস্তুতি তুংগত ৷

ইয়াৰ মাজতেই আজি পুৱা বিদ্যালয়খনত চাফাই কাম চলি থাকোতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ প্ৰধান শিক্ষয়িত্ৰীক চেণ্ডেলেৰে কোবাই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে উদণ্ড যুৱকে । এই ঘটনাৰ পিচতে উচুপি উচুপি কান্দোনত ভাগি পৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে । এই ঘটনা সংঘটিত কৰা উদণ্ড যুৱকজনৰ শাস্তিৰ দাবী উত্থাপন কৰিছে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, পুৱাৰ ভাগতেই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীক লগত লৈ চাফাই কৰ্ম চলাই আছিল যদিও কিছু জাবৰ-জোঁথৰ কাষতে লাগি থকা ছৈয়দ ছোহৰাব আলীৰ খেতিত উৰি যায় ৷ ইয়াকে কেন্দ্ৰ কৰি ছোহৰাবৰ পুত্ৰ আতিকুৰ ৰহমানে আহি প্ৰধান শিক্ষয়িত্ৰীগৰাকীক অতৰ্কিতে চেণ্ডেলেৰে প্ৰহাৰ কৰে । লগতে শিক্ষয়িত্ৰীগৰাকীক বেয়া ভাষাৰে গালি-গালাজ কৰি টানি চোঁচৰাই আক্ৰমণ কৰি গতিয়াই দিয়ে । ইয়াৰ পিচতে এই ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়ৰ চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

ফলত দিনৰ 11 বজালৈকে বিদ্যালয়ত অনুষ্ঠিত কৰা নহয় গুণোৎসৱৰ পৰীক্ষা ৷ গুৰুতৰভাৱে আহত হোৱা প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে কান্দি কান্দি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত ন্যায় বিচৰাৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে উদণ্ড যুৱকৰ কঠোৰ শাস্তিৰ দাবী কৰিছে ৷

লগতে পঢ়ক: নাগালেণ্ডৰ বিশিষ্ট লেখিকা টেমচুলা আওৰ গ্ৰন্থৰ অসমীয়া অনুবাদ উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.