ETV Bharat / state

নাগালেণ্ডৰ বিশিষ্ট লেখিকা টেমচুলা আওৰ গ্ৰন্থৰ অসমীয়া অনুবাদ উন্মোচন

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 11:00 PM IST

12 day Assam Book Fair : অসম গ্ৰন্থমেলাত মঙলবাৰে উন্মোচন কৰা হয় নাগালেণ্ডৰ বিশিষ্ট লেখিকা টেমচুলা আওৰ 'সোণাৰু শিখৰ'ৰ । গ্ৰন্থখন অনুবাদ কৰিছে দিগন্ত গোহাঞিয়ে । লগতে দুগৰাকী বিশিষ্ট লেখকৰ দুখনকৈ গ্ৰন্থও উন্মোচন কৰা হয় ।

12 day Assam Book Fair
নাগালেণ্ডৰ বিশিষ্ট লেখিকা টেমচুলা আওৰ 'সোণাৰু শিখৰ'

নাগালেণ্ডৰ বিশিষ্ট লেখিকা টেমচুলা আওৰ 'সোণাৰু শিখৰ'

গুৱাহাটী, ২ জানুৱাৰী : ২৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলা আজি অৰ্থাৎ মঙলবাৰে পঞ্চমটো দিন । গ্ৰন্থমেলাৰ আৰম্ভণিৰে পৰা আজিলৈকে অসম গ্ৰন্থমেলা বাকৰিত উন্মোচন কৰা হয় প্ৰায় কুৰিখনতকৈও অধিক গ্ৰন্থ ৷ মঙলবাৰে গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন কৰা হয় তিনিখন বিশেষ গ্ৰন্থ ।

গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক প্ৰভাত গোস্বামী, বিশিষ্ট কবি নীলিম কুমাৰ, বিশিষ্ট কবি ৰবীন্দ্ৰ বৰা, বিশিষ্ট লেখক ইছমাইল হোছেইনে ৷ উন্মোচন কৰা গ্ৰন্থ কেইখন হৈছে কবি বিপুল কুমাৰ দিহিঙীয়াৰ 'ত্ৰিকোণমিতিক পৃথিৱীত বুদ্ধ', নাগালেণ্ডৰ বিশিষ্ট লেখিকা টেমচুলা আওৰ সাহিত্য অকাডেমি বঁটা বিজয়ী ইংৰাজী গ্ৰন্থৰ দিগন্ত গোহাঞিৰ অসমীয়া অনুবাদ 'সোণাৰু শিখৰ' আৰু ড৹ অৰূপজ্যোতি নাথৰ কিশোৰ-কিশোৰী উপযোগী জীৱনী গ্ৰন্থ 'বুদ্ধ' ।

পাঞ্চজন্য বুকচে প্ৰকাশ কৰা তৰুণ প্ৰজন্মৰ শক্তিশালী কবি বিপুল কুমাৰ দিহিঙীয়াৰ 'ত্ৰিকোণমিতিক পৃথিৱীত বুদ্ধ' কাব্য সংকলনটি উন্মোচন কৰে নীলিম কুমাৰ আৰু ইছমাইল হোছেইনে ।

আনহাতে, সৃষ্টি প্ৰকাশৰ দ্বাৰা প্ৰকাশিত নাগালেণ্ডৰ বিশিষ্ট লেখিকা টেমচুলা আওৰ সাহিত্য অকাডেমি বঁটা বিজয়ী ইংৰাজী গ্ৰন্থৰ দিগন্ত গোহাঞিৰ অসমীয়া অনুবাদ 'সোণাৰু শিখৰ' উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক প্ৰভাত গোস্বামীয়ে আৰু ড৹ অৰূপজ্যোতি নাথৰ কিশোৰ-কিশোৰী উপযোগী জীৱনী গ্ৰন্থ 'বুদ্ধ'উন্মোচন কৰে বিশিষ্ট কবি ৰবীন্দ্ৰ বৰাই । গ্ৰন্থ কেইখনে গ্ৰন্থপ্ৰেমীৰ সমাদৰ লাভ কৰিব বুলি আশাবাদী লিখিক তথা পঢ়ুৱৈসকল ।

উল্লেখ্য যে, ১২ দিনীয়াকৈ আয়োজন কৰা অসম গ্ৰন্থমেলাৰ বিগত চাৰিটা দিনত ৮৫ লাখ টকাতকৈ অধিক টকাৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি জানিব পৰা গৈছে । লগতে ন-পুৰণি লেখক লেখিকাৰ গ্ৰন্থয়ো গ্ৰন্থমেলাত সমাদৰ লাভ কৰিছে । আনকি নিজৰ পচন্দৰ গ্ৰন্থ বিচাৰি বিপণিয়ে ভিৰ কৰিছে বহু গ্ৰন্থপ্ৰেমীয়ে ।

লগতে পঢ়ক : অসম গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ সঁহাৰিয়ে উৎসাহিত কৰিছে প্ৰকাশকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.