মহানগৰীত ইখনৰ পিচত সোণৰ নাও জব্দ, দুই সৰবৰাহকাৰী আটক

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 5:13 PM IST

thumbnail

গুৱাহাটী, ১২ ডিচেম্বৰ: মহানগৰীত বিগত দিনকেইটাত বিভিন্ন অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ সোমবাৰে নিশা মহানগৰীৰ কটাহবাৰীৰ এটা ভাৰা কোঠাত জালনোট আৰু নকল সোণৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় । Special Operations Group (SOG) আৰু গড়চুক আৰক্ষীয়ে চলোৱা এই যৌথ অভিযানত ভাৰা কোঠাটোৰ পৰা চাৰিখন নকল সোণৰ নাও, দুটা সোণৰ মূৰ্তিৰ লগতে 500 টকীয়া কেইবাখনো জালনোট জব্দ কৰে ।

এই অভিযানকালত ঘটনাৰ লগত জড়িত দুই সৰবৰাহকাৰীকো আটক কৰে অভিযানকাৰী দলটোৱে। ধৃত দুই সৰবৰাহকাৰী চফিকুল ইছলাম আৰু চাহাবুদ্দিন বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি দুই সৰবৰাহকাৰীয়ে মহানগৰীৰ বিভিন্ন স্থানত নকল সোণ আৰু নকল টকাৰ ৰমৰমীয়া বেহা চলোৱাৰ অভিযোগ উত্থাপন হৈ আছিল । 

তাৰ পিচতে যোৱা নিশা আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আটক কৰে দুই সৰবৰাহকাৰীক। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে গড়চুক আৰক্ষীয়ে ৷

লগতে পঢ়ক: খানাপাৰাত পথ দুৰ্ঘটনা, তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে কেইবাখনো বাহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.