Tragic Incident in Helem: ডফলাগড় চাহ বাগিছাত অঘটন; মেচিনৰ পাংখাত সোমাই শ্ৰমিকৰ কৰুণ মৃত্যু

By

Published : Jul 10, 2023, 4:46 PM IST

thumbnail

বিশ্বনাথ, 10 জুলাই: বিশ্বনাথ জিলাৰ হেলেমৰ ডফলাগড় চাহ বাগিছাত অঘটন ৷ কলঘৰত কাম কৰি থকা অৱস্থাত মৃত্যু এজন শ্ৰমিকৰ ৷ কলঘৰত কাম কৰি থকা অৱস্থাত পাংখাত সোমাই কৰুণ মৃত্যুক আকোঁৱালি ল’লে এজন শ্ৰমিকে ৷ মৃত শ্ৰমিক জন ডফলাগড় চাহ বাগিছাৰ 16 নং লাইনৰ সুখমন মুণ্ডা বুলি জানিব পৰা গৈছে ৷  

ইতিমধ্যে ঘাহিগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে ৷ এজন পুত্ৰ আৰু সহধৰ্মিনীক এৰি থৈ যোৱা সুখমন মুণ্ডাৰ মৃত্যুত অঞ্চলজুৰি এতিয়া শোকৰ ছাঁ পৰিছে ৷ ইতিমধ্যে ঘাঁহিগাঁও আৰক্ষীয়ে শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : Public Protest at Lahowal: আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৰূপ কুমাৰ দত্ত চিকিৎসাধীন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.