ETV Bharat / state

Public Protest at Lahowal: আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৰূপ কুমাৰ দত্ত চিকিৎসাধীন

author img

By

Published : Jul 10, 2023, 2:27 PM IST

Public Protest at Lahowal against Constituency delimitation
Public Protest at Lahowal

আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৰূপ কুমাৰ দত্তক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি ৷ ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে নাহৰসাঁকোত শনিবাৰে সন্ধিয়া প্ৰতিবাদৰ সময়ত আৰক্ষীৰ প্ৰহাৰত আহত হৈছিল অৰূপ কুমাৰ দত্ত ।

Injured Arup Kumar Dutta hospitalized

ডিব্ৰুগড়, 10 জুলাই : সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ নাহৰসাঁকোত শনিবাৰে সন্ধিয়া প্ৰতিবাদী ৰাইজে গ্ৰহণ কৰে এক জোঁৰ সমদল কাৰ্যসূচী ৷ গণতান্ত্ৰিক আন্দোলনত অংশগ্ৰহণৰ উদ্দেশ্যৰে ওলাই অহা মহিলা-পুৰুষ সকলো প্ৰতিবাদকাৰীক আৰক্ষীয়ে আক্ৰমণ চলোৱাৰ অভিযোগ তুলিছিল প্ৰতিবাদকাৰীসকলে ।

শনিবাৰে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ নাহৰসাঁকোত হোৱা প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা অৰূপ কুমাৰ দত্তক সোমবাৰে জৰুৰীভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিবলৈ পৰা গৈছে । মূৰ, কঁকাল আৰু পিঠিত উপৰ্যুপৰি আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অৰূপ দত্তৰ বৰ্তমান শাৰীৰিক অৱস্থা জটিলতাৰ দিশে গতি কৰিছে বুলি জানিবলৈ পৰা গৈছে । আটক কৰাৰ পিছতো দত্তক আৰক্ষীয়ে থানাৰ ভিতৰত প্ৰচণ্ড মাৰপিটৰ অভিযোগ উত্থাপন কৰিছে মটক যুৱ ছাত্ৰ সন্মিলনে ।

অভিজ্ঞ চিকিৎসকৰ দলে বৰ্তমান অপেক্ষা হাস্পতালৰ 307 নম্বৰ ৰূমত চিকিৎসা প্ৰদান কৰি আছে দত্তক । উল্লেখ্য যে, মটক যুৱ ছাত্ৰ সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা আছিল দত্ত । বৰ্তমান এই ঘটনাৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । উল্লেখযোগ্য যে, আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত মাৰপিট কৰা ঘটনাক লৈ দেওবাৰে ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে সংবাদমেল অনুষ্ঠিত কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ।

ইতিমধ্যে লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ নাহৰসাঁকোত প্ৰতিবাদী ৰাইজে গ্ৰহণ কৰা জোঁৰ সমদলত আৰক্ষী প্ৰশাসন জপিয়াই পৰা ঘটনা সন্দৰ্ভত জিলাখনৰ উপায়ুক্তই দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ।

লগতে পঢ়ক : Public Protest at Lahowal: পুৰুষ আৰক্ষীয়ে মহিলা প্ৰতিবাদকাৰীৰ গাত হাত দিয়া অভিযোগক অস্বীকাৰ ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.