যোৰহাটৰ মিলিটেৰী ষ্টেচনৰ চৌহদত বিস্ফোৰণৰ শব্দ

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 9:32 PM IST

thumbnail

যোৰহাট, 14 ডিচেম্বৰ : এইবাৰ ৰহস্যজনক বিস্ফোৰণৰ শব্দই যোৰহাটত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ যোৰহাটৰ লিচুবাৰীস্থিত মিলিটেৰী ষ্টেচনৰ চৌহদত শুনা গ’ল এই বিস্ফোৰণৰ শব্দ ৷ বৃহস্পতিবাৰে প্ৰায় 7.21 বজাত প্ৰচণ্ড শব্দত কঁপি উঠিল মিলিটেৰী ষ্টেচনৰ সমগ্ৰ অঞ্চল ৷ অৱশ্যে সেয়া বোমা বিস্ফোৰণ নে আন কিবা এতিয়াও স্পষ্ট হোৱা নাই ৷

গণৰাজ্য দিৱস ওচৰ চাপি অহাৰ সময়ত এনেধৰণৰ ঘটনাই সৃষ্টি কৰিছে কিছু সন্দেহ আৰু ৰহস্যৰ ৷ অৱশ্যে আৰক্ষীৰ তদন্ততহে স্পষ্ট হ'ব লিচুবাৰীস্থিত মিলিটেৰী ষ্টেচনৰ চৌহদৰ ঘটনাৰ সকলো ৰহস্য ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী, নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ৷

উল্লেখ্য যে কিছুদিন পূৰ্বে কাকপথাৰৰ ডিৰাকতো সংঘটিত হৈছিল গ্ৰেণেড বিস্ফোৰণৰ ঘটনা ৷ ৰাজ্যত শেহতীয়াকৈ একাধিক গ্ৰেণেড বিস্ফোৰণৰ ঘটনাই ৰাজ্যৰ নিৰাপত্তাৰ দিশটোত প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : জয়সাগৰৰ চি আৰ পি এফ শিবিৰৰ কাষত ৰহস্যজনক বিস্ফোৰণৰ শব্দ, আতংক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.