জয়সাগৰৰ চি আৰ পি এফ শিবিৰৰ কাষত ৰহস্যজনক বিস্ফোৰণৰ শব্দ, আতংক

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 9:45 PM IST

thumbnail

শিৱসাগৰ, 9 ডিচেম্বৰ : শিৱসাগৰৰ জয়সাগৰত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ ৷ ৰহস্যজনক এই বিস্ফোৰণৰ শব্দক লৈ অঞ্চলটোত তীব্ৰ আতংকই বিৰাজ কৰিছে ৷ জয়সাগৰৰ চি আৰ পি এফ শিবিৰৰ কাষতে এই বিস্ফোৰণৰ শব্দ শুনা যায় বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে সন্ধিয়া প্ৰায় সাত বাজি পোন্ধৰ মিনিটত জয়সাগৰত এই বিস্ফোৰণৰ শব্দ শুনা যায় ৷ বিস্ফোৰণৰ প্ৰচণ্ড শব্দ শুনাৰ পিছতেই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ ৷ স্থানীয় ৰাইজে এয়া গ্ৰেণেড বিস্ফোৰণৰ শব্দ বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

ঘটনাৰ পিছতেই শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি, আৰিফ আহমেদৰ লগতে বিশাল আৰক্ষী বাহিনীয়ে সমগ্ৰ অঞ্চলজুৰি শব্দৰ উৎস বিচাৰি চলাইছে তীব্ৰ অভিযান ৷ শেহতীয়াকৈ আৰক্ষী অধীক্ষক গৰাকীয়ে অনুসন্ধানৰ বাবে 149 চি আৰ পি এফ শিবিৰৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰিছে ৷

ইফালে বিস্ফোৰণৰ শব্দক লৈ আৰক্ষীয়ে অজ্ঞতা প্ৰকাশ কৰাৰ বিপৰীতে এক অসমৰ্থিত সূত্ৰই এয়া আলফা (স্বা)ই চি আৰ পি এফৰ শিবিৰক লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে  ৷  

লগতে পঢ়ক : তিনিচুকীয়াৰ চিৰাপট্টিত ৰহস্যজনক বিস্ফোৰণ, আহত তিনি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.