ধেমাজি প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি কীৰ্তিকমল গগৈৰ বিয়োগ

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 10:52 PM IST

thumbnail

ধেমাজি, 20 ডিচেম্বৰ : ধেমাজি প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি, ধেমাজি নগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক, বিশিষ্ট সমাজসেৱক তথা কৌতুক অভিনেতা কীৰ্তিকমল গগৈৰ বিয়োগ ৷ বুধবাৰে পুৱা ধেমাজি নগৰৰ নলনিপামস্থিত নিজা বাসগৃহত মৃত্যু হয় ধেমাজিৰ বিশিষ্ট ব্যক্তিগৰাকীৰ ৷ এই দুঃখবৰ বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধই শেষ শ্ৰদ্ধা জনাবলৈ ভিৰ কৰে তেখেতৰ বাসগৃহত ৷ ধেমাজি নগৰ মধ্য ইংৰাজী বিদ্যালয়লৈ তেওঁৰ নশ্বৰ দেহ অনাৰ পিছত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে তেখেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনায় ৷ 

ইয়াৰ পিছতে বাসগৃহত অনেক গুণমুগ্ধৰ লগতে ধেমাজি জিলা সাংবাদিক সন্থাৰ বিষয়ববীয়া আৰু ধেমাজি প্ৰেছ ক্লাবৰ সদস্য সকলে ক্লাবৰ পতাকাৰে তেওঁৰ নশ্বৰ দেহত অন্তিম শ্ৰদ্ধা জনায় ৷ তেখেতৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক :  জ্যেষ্ঠ সাংবাদিক চন্দন শৰ্মাৰ শেষ নিশ্বাস ত্যাগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.