Eviction in Orang Nationnal park:ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

By

Published : May 30, 2023, 3:06 PM IST

thumbnail

ৰৌতা,৩০ মে’ : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈ গ’ল উচ্ছেদ অভিযান । ২১ হাজাৰ বিঘা মাটিত চলিছে এই উচ্ছেদ অভিযান । আজি পুৱা ৮-০০ বজাৰ পৰা ২৪০০ সংখ্যক আৰক্ষীৰ এটা বৃহৎ দলৰ সমৰ-সজ্জাৰে আৰম্ভ হ’ল এই উচ্ছেদ অভিযান । দৰং জিলা বন বিভাগে বৃহৎ আৰক্ষী দলৰ সহযোগত ২১ হাজাৰ বিঘা মাটি বেদখল মুক্ত কৰাৰ উদ্দেশ্যেৰে 30 খন ট্ৰেক্টৰ আৰু প্ৰায় ১০০ বনুৱাৰ সহযোগত আৰম্ভ কৰে উচ্ছেদ অভিযান (Eviction in Orang nationnal park) ।

খেৰনি চাপৰি আৰু দক্ষিণ দিশত অৱস্থিত নবুৰ চাপৰি, হামুৰ চাপৰি, কাসেমৰ চাপৰি, লহৰি চাপৰি, কাইৰাহাকি চাপৰি আৰু কাশিকুৰি চাপৰি এই পাঁচখনকৈ গাঁৱত চলিল প্ৰশাসনৰ বুল্ডজাৰ । ইতিমধ্যে গাঁও কেইখনৰ প্ৰায়বোৰ পৰিয়ালে ঘৰ-বাৰী ভাঙি থৈ গৈছিল যদিও, নিজৰ খেতি চপোৱাৰ কাৰণে এটা-দুটাকৈ এচালীয়া ঘৰ এৰি থৈ গৈছিল (Darrang eviction) ৷

আজি বন বিভাগে সকলো এচালীয়া ঘৰ ভাঙি দিয়াৰ লগতে হাজাৰ হাজাৰ বিঘা মাকৈ খেতি, মৰাপাট শাক-পাচলি খেতি ট্ৰেক্টৰৰ সহযোগত নষ্ট কৰি পেলায় । এই সময়ছোৱাত বন-বিভাগে কোনো সাংবাদিককে উচ্ছেদস্থলীত প্ৰৱেশ কৰাৰ অনুমতি দিয়া নাই (Orang eviction) ।

লগতে পঢ়ক : Jammu accident : জম্মুত ভয়ংকৰ বাছ দুৰ্ঘটনা, ১০ গৰাকী যাত্ৰীৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.