ETV Bharat / bharat

Jammu accident : জম্মুত ভয়ংকৰ বাছ দুৰ্ঘটনা, ১০ গৰাকী যাত্ৰীৰ মৃত্যু

author img

By

Published : May 30, 2023, 12:16 PM IST

Updated : May 30, 2023, 1:18 PM IST

জম্মুৰ মাতা বৈষ্ণো দেৱীলৈ যোৱা এখন বাছ দুৰ্ঘটনাত পতিত হয় (Bus accident in Jammu)। তীৰ্থযাত্ৰী ভৰ্তি বাছখন গভীৰ খাৱৈত বাগৰি পৰে । ১০ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৫০ ৰো অধিক লোক আহত হয় ।

Jammu accident
জম্মুত ভয়ংকৰ বাছ দুৰ্ঘটনা

ভয়ংকৰ বাছ দুৰ্ঘটনাত ১০ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

নেশ্যনেল ডেস্ক,৩০ মে': জম্মুত ভয়ংকৰ পথ দুৰ্ঘটনা (Jammu Bus accident)। মঙলবাৰে পুৱা সংঘটিত এই দুৰ্ঘটনাত ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে (10 death in Jammu bus accident)। ১২ জনৰো অধিক লোক আহত হৈছে এই দুৰ্ঘটনাত । আহতসকলক লগে লগে চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । আহতসকলৰ একাংশক স্থানীয় পিএইচচিত চিকিৎসা প্ৰদান কৰা হৈছে ।

দুৰ্ঘটনাটোৰ পাছতে এটা বৃহৎ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে আৰক্ষী আৰু স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰে দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰিছে । তেওঁ শোকপ্ৰকাশ কৰি কয় যে জম্মুৰ ঝাজ্জৰ কোটলীত সংঘটিত শোকাৱহ বাছ দুৰ্ঘটনাটোক লৈ তেওঁ মৰ্মাহত (JK LG on Bus accident)। শোকসন্তপ্ত পৰিয়াললৈ তেওঁ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে । তেওঁ জিলা প্ৰশাসনক আহতসকলক সকলো সম্ভৱ সহায় আৰু চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে ।

তথ্য অনুসৰি, ঝাজ্জৰ কোটলীৰ সমীপত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত এই মৰ্মান্তি দুৰ্ঘটনাটো সংঘটিত হৈছে । জম্মুৰ জিলা উপায়ুক্তৰ মতে, এই দুৰ্ঘটনাত ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰিও ১২ জন লোক আহত হৈছে । জানিব পৰা মতে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা দ খাৱৈত বাগৰি পৰে । বাছখন অমৃতসৰৰ পৰা কাটৰালৈ গৈ আছিল । বাছখনত তীৰ্থযাত্ৰী আছিল বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটোৰ পাছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে । খবৰ লাভ কৰাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰে ।

চিআৰপিএফৰ সহকাৰী কমাণ্ডেণ্ট অশোক চৌধুৰীয়ে কোৱা মতে বাছখন অমৃতসৰৰ পৰা আহি আছিল আৰু বাছখনত বিহাৰৰ একাংশ তীৰ্থযাত্ৰী আছিল (Tragic bus accident in Jammu)। তেওঁলোকে সম্ভৱতঃ কাটৰালৈ যোৱা পথটো পাহৰি সেই ফালে ৰাওনা হৈছিল । অৱশ্যে দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক :North Korea spy satellite: জোন মাহত উত্তৰ কোৰিয়াই উৎক্ষেপণ কৰিব প্ৰথমটো সামৰিক গুপ্তচৰ উপগ্ৰহ

Last Updated :May 30, 2023, 1:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.