এন পি এছ বাতিলৰ দাবীত গুৱাহাটীত কৰ্মচাৰী পৰিষদৰ বিশাল প্ৰতিবাদী সভা

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 10:40 PM IST

thumbnail

গুৱাহাটী, ১৬ ডিচেম্বৰ : চৰকাৰী শিক্ষক কৰ্মচাৰীসকলৰ ওপৰত আৰোপ কৰা নতুন পেন্সন ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ দাবীত শনিবাৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বত মহানগৰীৰ নাৰেংগী ক্ৰীড়া সন্থাৰ খেলপথাৰ প্ৰাংগণত এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয় ।

পুৰণি পেন্সন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাৰ দাবীত শনিবাৰে দিনৰ ১১ বজাৰ পৰা ২ বজালৈ নাৰেংগীৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত কৰা প্ৰতিবাদী সভাত বিভিন্ন দল-সংগঠনৰ লগতে কেইবাটাও শিক্ষক সংগঠনে পূৰ্ণ সমৰ্থন আগবঢ়ায় । উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ অধীনৰ শিক্ষক-কৰ্মচাৰী, শ্ৰমিক-বিষয়াৰ যৌথ সংগঠন সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্য চৰকাৰে প্ৰয়োগ কৰিব বিচৰা নতুন পেন্সন ব্যৱস্থাক প্ৰত্যাহ্বান জনাই পূৰ্বৰ পেন্সন ব্যৱস্থা বাহাল ৰখাৰ বাবে বিগত সময়ছোৱাত চৰকাৰৰ লগত কেইবাৰো আলোচনা কৰিছিল ৷ তাৰ পিচতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰা শিক্ষক আৰু কৰ্মচাৰী সকলে আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হয় । প্ৰতিবাদী সভাত কৰ্মচাৰী পৰিষদৰ আটাইকেইখন জিলাৰ প্ৰতিনিধি উপস্থিত থাকে ।

লগতে পঢ়ক : Demand for cancellation of NPS : লখিমপুৰত পুৰণি পেন্সন নীতি বাহালৰ দাবীত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.