Elephant menace: মাজুলীত বনৰীয়া হাতীৰ আতংক

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 1:42 PM IST

thumbnail

মাজুলী, 7 নৱেম্বৰ : উজনি মাজুলীৰ বিভিন্ন চৰ চাপৰিত আতংকৰ সৃষ্টি কৰি আহিছে প্ৰায় ১৫০ জনীয়া হাতীৰ জাকটোৱে । নিশা হ’লেই বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশৰ চেষ্টা কৰে বন্যহস্তীৰ জাকটোৱে । উজনি মাজুলীত ৰাতি ৰাতি বনকৰ্মীয়ে অব্যাহত ৰাখিছে হাতীৰ পহৰা । এইক্ষেত্ৰত বনকৰ্মীসকলক সহায় কৰিছে উজনি মাজুলীৰ স্থানীয় ৰাইজে ।

লাচন চিকাৰী, গেজেৰা, ধনাই চাপৰি, কাৰ্গিল, বনৰীয়া চাপৰিত বনৰীয়া হাতীয়ে খাই তহিলং কৰিছে ৰঙলাওকে ধৰি আন আন শস্য । স্থানীয় ৰাইজে মন্তব্য প্ৰকাশ কৰিছে যে চৰ চাপৰিত থকা হাবি জংঘল, গছ কাটি মুকলি কৰি দিয়াৰ বাবে জনাঞ্চলত প্ৰৱেশৰ চেষ্টা কৰিছে হাতীৰ জাকটোৱে । হাতীৰ জাকে এনেদৰে বিচৰণ কৰি থকাত তীব্ৰ শংকাত ভুগিছে মাজুলীৰ সাধাৰণ ৰাইজ ।

লগতে পঢ়ক : Wild elephant terror:কঠিয়াতলীৰ কন্দলী আহুতলীত নিতৌ বন্যহস্তীৰ উপদ্ৰৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.