Wild elephant terror:কঠিয়াতলীৰ কন্দলী আহুতলীত নিতৌ বন্যহস্তীৰ উপদ্ৰৱ

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 1:21 PM IST

thumbnail

নগাঁও, 6 নৱেম্বৰ : নগাঁও কঠিয়াতলীৰ কন্দলী আহুতলীত নিতৌ বন্যহস্তীৰ উপদ্ৰৱ ৷ নিশাতো দূৰৰে কথা দিন দুপৰতে ধাননি পথাৰত ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে ৷ হাতী খেদাত ব্যৰ্থ হৈছে বন বিভাগ ৷ কেইদিনমান পূৰ্বে কন্দলী আহুতলীত উদ্ধাৰ হোৱা আহত হাতীটোক বন বিভাগে চিকিৎসা প্ৰদান কৰাৰ পাচত এতিয়া হাতীটোৱে নিদ্ৰা হৰিছে ৰাইজৰ ৷ বন্যহস্তীৰ উপদ্ৰৱত এতিয়া বিনিদ্ৰ ৰজনী কটাব লগা হৈছে গঞাই ৷

বন্যহস্তীয়ে শ শ বিঘা শালি ধানৰ খেতি খাই অনিষ্ট কৰিছে কৃষকৰ ৷ বন বিভাগে বন্যহস্তী প্ৰতিৰোধৰ বাবে জাৰ্তকা লাইন নিৰ্মাণ কৰিছিল যদিও সেইয়া বৰ্তমান বিকল ৷ যাৰ বাবে কন্দলী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ জাকটোৱে নিতৌ ত্ৰাসৰ সৃষ্টি কৰিছে কৃষকৰ পথাৰত ৷ উপায়হীন ৰাইজে নিশা হাতী খেদিবলৈ গছৰ ওপৰত টঙী ঘৰ সজাৰ লগতে বিপদসংকুলভাৱে বিদ্যুতৰ খুঁটাতো সাজি লৈছে টঙী ঘৰ ৷ ওৰে নিশা জুই জ্বলাই নিজৰ খেতিডৰা ৰক্ষা কৰাৰো চেষ্টা চলাইছে কৃষকসকলে ৷ কঠিয়াতলী বন বিভাগে আতজবাজী ফুটাই হাতী খেদিবলৈ চেষ্টা চলাইছে যদিও হাতী খেদাত ব্যৰ্থ হৈছে ৷

লগতে পঢ়ক : Wild elephant attack:হাতীৰ গচকত চিৰনিদ্ৰাত এজন কম বয়সীয়া যুৱক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.