যোৰাবাটত বন্যহস্তীৰ আক্ৰমণত ডাম্পাৰৰ ক্ষতিসাধন

By

Published : Sep 10, 2022, 1:16 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

ৰাজ্যত হাতী আৰু মানুহৰ সংঘাত অব্যাহত আছে (Human elephant conflict)। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীয়ে প্ৰায়ে উপদ্ৰৱ চলোৱা দেখা যায় । এইবাৰ গুৱাহাটীৰ সমীপৰ যোৰাবাটত বনৰীয়া হাতীৰ উপদ্ৰৱ (Elephant terror in Jorabat)। আমছিং সংৰক্ষিত অভয়াৰণ্যৰ পৰা ওলাই অহা এটা হাতীয়ে শনিবাৰে পুৱাই উপদ্ৰৱ চলায় । হাতীটোৱে এখন ডাম্পাৰত আক্ৰমণ কৰে । হাতীটোৰ আক্ৰমণত ডাম্পাৰখনৰ ক্ষতিসাধন হয় (Dumper damaged in elephant attack)। সৌভাগ্যক্ৰমে ৰক্ষা পৰে ডাম্পাৰখনৰ চালক । ক্ষতিগ্ৰস্ত ডাম্পাৰখনৰ নম্বৰ AS-01-NC-3486 । জানিব পৰা মতে প্ৰায়ে আমছিং সংৰক্ষিত অভয়াৰণ্যৰ পৰা বনৰীয়া হাতী ওলাই আহি এনেদৰে অঞ্চলটোত বিচৰণ কৰে ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.