Drugs Peddler Arrested: নিষিদ্ধ ড্ৰাগছসহ তিনি সৰবৰাহকাৰী আটক ধুবুৰীত

By

Published : Aug 4, 2022, 7:46 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (Assam Police anti drug Operation) ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰীতো আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে ৷ বুধবাৰে নিষিদ্ধ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক কৰে ধুবুৰী আৰক্ষীয়ে (Drugs Peddler Arrested in Dhubri)। ধুবুৰীৰ ভাষানিৰ চৰ পঞ্চায়তৰ অয়ৰাণ জংলা তৃতীয় খণ্ড গাঁৱৰ কচিমুদ্দি মোৰত নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ সময়তে এ এম কোঃ ৰোড আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলায় । অভিযান কালত মোস্তাফিজুৰ ৰহমান ওৰফে মাইকেল, চিৰাজ আলী আৰু ফিৰোজ আহমেদ নামৰ তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । আটকাধীন সৰবৰাহকাৰীৰ পৰা কিছু নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰাৰ কথা সদৰি কৰে ধুবুৰী আৰক্ষীয়ে (Brown sugar seized in Dhubri)।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.