Drugs smuggling in Assam: ডিব্ৰুগড়ত ড্ৰাগছসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক

By

Published : Aug 19, 2023, 12:52 PM IST

thumbnail

মৰাণ, ১৯ আগষ্ট: ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছৰ বিৰদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে যদিও জিলাখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ সৰবৰাহ অব্য়াহত আছে । শুকুৰবাৰে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিলে ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীয়ে । বৰবৰুৱা আৰক্ষীয়ে বৰবৰুৱাৰ চেঁচা তিনিআলিত কৰায়ত্ত কৰে সৰবৰাহকাৰী দুটাক ।  

ধৃত সৰবৰাহকাৰী কেইটা লেজাই পানীমিছিং গাঁৱৰ জোৱানজ্যোতি পাংগিং আৰু আন জন লেপেটকতা ৱাচিফুৰ আলী । ধৃত সৰবৰাহকাৰীটোৱে দীৰ্ঘদিন ধৰি লেজাই অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেপাৰ চলাই আহিছিল । সৰবৰাহকাৰী কেইটাৰ পৰা ২৪ গ্ৰাম ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে ।  

লগতে পঢ়ক:Controversy over land lease of Amguri Bhawan; আমগুৰিৰ উন্নয়নমূলক কাম-কাজত একাংশ লোকে বাধাৰ সৃষ্টি কৰি আহিছে : প্ৰদীপ হাজৰিকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.