ETV Bharat / state

Controversy over land lease of Amguri Bhawan; আমগুৰিৰ উন্নয়নমূলক কাম-কাজত একাংশ লোকে বাধাৰ সৃষ্টি কৰি আহিছে : প্ৰদীপ হাজৰিকা

author img

By

Published : Aug 19, 2023, 10:51 AM IST

আমগুৰি ভৱনৰ মাটি লীজ বা বিক্ৰীৰ বিতৰ্ক সন্দৰ্ভত বিধায়ক প্ৰদীপ হাজৰিকাৰ বাসভৱনত সংবাদমেল । সংবাদমেল সম্বোধন কৰি বিতৰ্কৰ প্ৰত্যুত্তৰ দিলে বিধায়ক প্ৰদীপ হাজৰিকাই ৷

Controversy over land lease of Amguri Bhawan
আমগুৰি ভৱনৰ মাটি লীজ বিতৰ্ক সন্দৰ্ভত বিধায়ক প্ৰদীপ হাজৰিকাৰ সংবাদমেল

আমগুৰি ভৱনৰ মাটি লীজ বিতৰ্ক সন্দৰ্ভত বিধায়ক প্ৰদীপ হাজৰিকাৰ সংবাদমেল

আমগুৰি, ১৯ আগষ্ট : ‘‘মই ৪০ বছৰ আমগুৰি সমষ্টিত ৰাজনীতি কৰিছো । আমগুৰিৰ উন্নয়নমূলক কাম-কাজত একাংশ লোকে বাধাৰ সৃষ্টি কৰি আহিছে । কোনো উন্নয়নমূলক কাম-কাজেই এইসকল লোকে হ’বলৈ নিদিয়ে ৷ আমগুৰিত ১০০ কোটি টকাৰো অধিক ধনৰ ব্যয়েৰে বিভিন্ন উন্নয়নমূলক কাম-কাজ চলাই আছো । প্ৰদীপ হাজৰিকাই দুৰ্নীতিত লিপ্ত হোৱা হ’লে বহু পূৰ্বেই হ’ব পাৰিলেহেঁতেন ৷’’ আমগুৰি ভৱনৰ মাটি লীজ বা বিক্ৰীৰ বিতৰ্ক সন্দৰ্ভত শুকুৰবাৰে বিধায়ক প্ৰদীপ হাজৰিকাই নিজ বাসভৱনত এক সংবাদমেল আয়োজন কৰি এই মন্তব্য প্ৰকাশ কৰে ৷

এই সংবাদমেলতে বিধায়ক হাজৰিকাই কয়, ‘‘১৫ বছৰ ভৱনৰ মাটি লীজ দিব নোৱাৰা বিষয় সম্পৰ্কে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি সংশোধনীৰ ব্যৱস্থা কৰা হৈছে । আমগুৰি ভৱনৰ নামত আবণ্টিত মাটি বিক্ৰী বা লীজত দিয়াৰ অভিযোগ অমূলক’’ ।

লগতে তেঁও কয়, ‘‘আমগুৰি ভৱনৰ উন্নয়নৰ স্বাৰ্থত আইনীভাৱে বুজাবুজি হৈছে M/S Versa Techno Pvt. Ltd. ৰ সৈতে ৷ আমগুৰি ভৱনৰ সম্পূৰ্ণ মালিকীস্বত্ব এতিয়াও আমগুৰি সমষ্টি আৰ্থ সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সন্থাৰ হাতত আছে ৷ আমগুৰি সমষ্টি আৰ্থ সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সন্থাৰ সাধাৰণ সভাৰ প্ৰস্তাৱ গ্ৰহণৰ পাচতে এনে সিদ্ধান্ত লোৱা হৈছে’’ ৷

‘‘শীঘ্ৰেই সমিতিৰ প্ৰস্তাৱ গ্ৰহণ আৰু সাধাৰণ সভা অনুষ্ঠিত হোৱাৰ দিন বাৰ প্ৰকাশ কৰা হ’ব । আমগুৰি ভৱন দিল্লী নাইবা মুম্বাই ভৱনৰ আৰ্হিত নিৰ্মাণ হ’ব । G+৪ আমগুৰি ভৱনৰ বিপৰীতে বাকী ৯ টা মহল M/S Versa Techno Pvt.Lmtd. ৰ নামত থাকিব আৰু মাটিৰ মালিকীস্বত্ব আমগুৰি সমষ্টি আৰ্থ সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সমিতিৰ দায়িত্বত থাকিব । আমগুৰিত চলি থকা অৰুণাচলী মদ, বহিঃৰাজ্যৰ গাহৰি নাইবা আন বে-আইনী কাৰ্য কোনেও প্ৰত্যক্ষ নকৰে । একমাত্ৰ আমগুৰি সমষ্টিৰ উন্নয়নত বাধা দিয়া একাংশ লোকে আমগুৰিৰ উন্নয়ন স্তব্ধ কৰিছে’’ - এই মন্তব্য বিধায়ক প্ৰদীপ হাজৰিকাৰ ৷

লগতে পঢ়ক : Manipur violence : জনতাৰ বৰ্বৰতাৰ সন্মুখীন হোৱা আবেদনকাৰীৰ আবেদন সন্দৰ্ভত SC ৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.