Dr Sarita Toshniwal murder case: হত্যাকাণ্ডৰ 9 বছৰৰ পাচতো ন্যায়ৰ বাবে তাৰিখ গণনা সৰিতাৰ পৰিয়ালৰ

By

Published : May 12, 2023, 8:14 PM IST

thumbnail

মৰাণ, 12 মে’: সুদীৰ্ঘ 9  টা বছৰ ! কেতিয়া ন্যায় লাভ কৰিব ডাঃ সৰিতা তছনিৱালৰ পৰিয়ালে (Dr Sarita Toshniwal murder case) ? দেশ কঁপোৱা ডাঃ সৰিতা তছনিৱালৰ নৃশংস হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দানৰ বাবে অপেক্ষাৰত আছিল ৰাজ্যবাসী। কিন্তু এটা অভিযুক্ত আদালতত উপস্থিত থাকিব নোৱাৰাব স্থগিত কৰা হ’ল ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ গোচৰৰ চূড়ান্ত ৰায়দান (Dr Sarita Toshniwal murder case update)।  হত্যাকাণ্ডৰ মূল অভিযুক্ত কিৰু মেচ অসুস্থ বুলি অধিবক্তাই জনোৱাৰ পিছত এই ৰায়দান স্থগিত ৰখা হয় । এতিয়া অহা 17 মে'লৈ পিছুৱাই দিয়া হৈছে এই হত্যাকাণ্ডৰ ৰায়দানৰ তাৰিখ (Sarita Toshniwal murder case verdict postponed)  

উল্লেখ্য যে, 2014  চনৰ 10  মে'ত অসম চিকিৎসা মহাবিদ্যালয়ৰ স্ত্ৰী ৰোগ আৰু প্ৰসূতি চিকিৎসা বিভাগৰ আই চি ইউত উদ্ধাৰ কৰা হৈছিল কনিষ্ঠ চিকিৎসক ডাঃ সৰিতা তছনিৱালৰ মৃতদেহ (AMCH doctor Sarita Toshniwal murder case)৷ 2014 চনৰ 9 মে’ৰ নিশা অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি ৰোগ বিভাগৰ আই চি ইউত কৰ্তব্যৰত অৱস্থাত চিকিৎসক ডাঃ দীপমণি শইকীয়া আৰু ৱাৰ্ড বয় কিৰু মেচে নৃশংসভাৱে হত্যা কৰিছিল ডাঃ সৰিতা তছনিৱালক । এই ঘটনাই ৰাজ্য কঁপাই গৈছিল । ইফালে অভিযুক্ত চিকিৎসক ডাঃ দীপমণি শইকীয়া আছিল ডাঃ সৰিতা তছনিৱালৰ সহকৰ্মী চিকিৎসক ।  

এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি আটক কৰিছিল চিকিৎসক ডাঃ দীপমণি শইকীয়া আৰু ৱাৰ্ড বয় কিৰু মেচক । এতিয়া  ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে অহা 17 মে’ তাৰিখে দুই অভিযুক্তৰ বিৰুদ্ধে কি ৰায়দান দিব সেইয়া হ’ব লক্ষণীয় হ'ব ।

লগতে পঢ়ক: Sarita Toshniwal Murder Case : ১৭ মে’ত হ’ব ডাঃ সৰিতা তছনিৱাল হত্যাৰ গোচৰৰ চূড়ান্ত ৰায়দান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.