Sarita Toshniwal Murder Case : ১৭ মে’ত হ’ব ডাঃ সৰিতা তছনিৱাল হত্যাৰ গোচৰৰ চূড়ান্ত ৰায়দান

By

Published : May 12, 2023, 3:38 PM IST

thumbnail

শিৱসাগৰ, ১২ মে' : দেশ কঁপোৱা ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ড গোচৰৰ চূড়ান্ত ৰায়দান স্থগিত (Dr Sarita Toshniwal murder case) । উল্লেখ্য, শুকুৰবাৰে সৰিতা তছনিৱাল হত্যা গোচৰৰ চূড়ান্ত ৰায়দানৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল । এতিয়া অহা ১৭ মে'লৈ পিছুৱাই দিয়া হৈছে এই হত্যাকাণ্ডৰ ৰায়দানৰ তাৰিখ (Sarita Toshniwal murder case verdict postponed) ।

মূল অভিযুক্ত কিৰু মেচ অসুস্থ বুলি তেওঁৰ অধিবক্তাই জনোৱাৰ পিছত এই ৰায়দান স্থগিত ৰখা হয় । ইপিনে ন্যায় লাভৰ অপেক্ষাত আছে ডাঃ সৰিতা তছনিৱালৰ শিৱসাগৰ নিবাসী খুড়াক-খুড়ীয়েকসহ আত্মীয়-স্বজন । আনহাতে, আদালতৰ ওপৰত পূৰ্ণ আস্থা আছে বুলি প্ৰকাশ কৰি দোষীয়ে যথোচিত শাস্তি পাব বুলি বিশ্বাস পৰিয়ালবৰ্গৰ ।

উল্লেখ্য যে, ২০১৪ চনৰ ৯ মে'ৰ নিশা ডাঃ সৰিতা তছনিৱালক হত্যা কৰা হয় । ১০ মে'ৰ পুৱা চিকিৎসকগৰাকীৰ মৃতদেহ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা উদ্ধাৰ হৈছিল (AMCH doctor Sarita Toshniwal murder case) । হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে সেই সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৱাৰ্ড বয় কিৰু মেচ আৰু চিকিৎসক দ্বীপমণি শইকীয়াক ।

লগতে পঢ়ক :Husband Killed Wife: পত্নীক হত্যা কৰি গছত ওলোমাই থোৱাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.