Husband Killed Wife: পত্নীক হত্যা কৰি গছত ওলোমাই থোৱাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে

By

Published : May 11, 2023, 11:05 PM IST

thumbnail

বিশ্বনাথ, 11 মে’: গহপুৰৰ উত্তৰ ডুবিয়াত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ ৷ মহিলাগৰাকীক হত্যা কৰি এইদৰে ওলোমাই থোৱাৰ সন্দেহ কৰা হৈছে ৷ হত্যাৰ পাচত আত্মহত্যা বুলি প্ৰমাণ কৰিবলৈ স্বামীয়ে পত্নীৰ মৃতদেহ গছত ওলমোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে (Allegation against Husband to killed wife) ৷ 

ঘটনা অনুসৰি যোৱা 6 মে’ত উদ্ধাৰ হৈছিল মৃতদেহটো ৷ তাৰ পিচতেই স্বামীয়ে পত্নীক হত্যা কৰা বুলি আশংকা কৰা হৈছিল (Husband Killed Wife at Gohpur) ৷ মহিলাগৰাকীৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি, দুয়োৰে মাজত প্ৰায়েই কাজিয়াৰ সৃষ্টি হৈছিল ৷ কিন্তু ঘটনাৰ দিনা দুয়োৰে কাজিয়াই চৰম ৰূপ লোৱাত স্বামীয়ে ক্ৰিকেটৰ ষ্টাম্পেৰে পত্নীক মূৰত প্ৰহাৰ কৰাত তেওঁৰ মৃত্যু হয় ৷ তাৰ পিচতে পত্নীৰ মৃতদেহটো এডাল গছত ওলোমাই থৈ দিয়ে ৷  

মহিলাগৰাকীৰ মৃত্যুৰ পিচতে স্বামী কুশল শইকীয়াক গহপুৰ আৰক্ষীয়ে আটক কৰে ৷ মহিলাগৰাকীৰ আত্মীয়‌ই এতিয়া মৃত মহিলা গৰাকীক স্বামী কুশল শইকীয়াই হত্যা কৰিছে বুলি সন্দেহ প্ৰকাশ‌ কৰিছে । স্বামী কুশল শইকীয়াক ইতিমধ্যে হাৱাজান আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাৰ পাচতে তিনিদিনৰ বাবে আৰক্ষী জিম্মাত ৰাখি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

আনহাতে আজি অৰ্থাৎ 11 মে’ তাৰিখে মৃত মহিলাগৰাকীৰ আত্মীয়‌ই‌ ঘটনাৰ উচিত তদন্ত বিচাৰি দোষীক কঠোৰ শাস্তিৰ দাবীৰে হাৱাজান আৰক্ষী চকীৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক:Jonai police firing : লিকাবালি-মিলনপুৰত অসম আৰক্ষীৰ গুলীচালনা; আহত এটা চোৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.