Disrespect to the State Anthem: জাতীয় সংগীতক অপমান কৰি চৰকাৰী অনুষ্ঠান আয়োজকৰ বহুৱালি

By

Published : Feb 27, 2023, 8:31 PM IST

thumbnail

ডিব্ৰুগড়, 27 ফেব্ৰুৱাৰী: অসমৰ জাতি, মাটি, ভেটি আৰু সংস্কৃতি সুৰক্ষা কৰিম বুলি বৰ বৰ কথা কোৱাসকলৰ হাততেই এতিয়া নিঃশেষ হোৱাৰ দিশে গতি কৰিছে অসম আৰু অসমীয়াৰ অস্তিত্ব ৷ নিজৰ সংস্কৃতিক পাহৰি আনৰ সংস্কৃতিৰ প্ৰতি দেখুওৱা অত্যাধিক প্ৰীতি, একাংশৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই অসমে হেৰুৱাইছে নিজৰ স্বকীয়তা ৷ ৰাজ্যৰ কেইগৰাকীমান মন্ত্ৰী উপস্থিত থকা এটা অনুষ্ঠানত সংঘটিত হ’ল তেনে এক ঘটনাই ৷  

অসমৰ জাতীয় সংগীতক চৰম অপমান কৰাৰ ধৃষ্টতা এটা অনুষ্ঠানৰ আয়োজকৰ ৷ উল্লেখ্য যে, সোমাবাৰে ডিব্ৰুগড়ত আয়োজন কৰা  খ্ৰীং খ্ৰীং বাইথ’ পূজাত পৰিৱেশন কৰা হৈছিল জাতীয় সংগীত ৷ য’ত উপস্থিত আছিল ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ৷ কিন্তু মন্ত্ৰীকেইগৰাকীৰ সন্মুখত অতি বিকৃতৰূপত পৰিৱেশ কৰা হ’ল অসমৰ পৰিচয় জাতীয় সংগীতক (Disrespect to the State Anthem) ৷  

সেয়া যেন জাতীয় সংগীত নহয়, বৰঞ্চ পশ্চিমীয়া সংস্কৃতিৰ মায়া-মোহত বুৰ গৈ মাতাল হোৱা একাংশ বিকৃত মানসিকতাৰ লোকৰ বিকৃত আৰু নিন্দনীয় সৃষ্টি ৷ কেইগৰাকীমান গায়ক নামধাৰীয়ে জাতীয় সংগীতক দিলে ফিউজনৰূপ ৷ মুঠৰ ওপৰত সকলো বেবেৰিবাং ৷ কিন্তু লক্ষ্যনীয় আৰু লজ্জাজনক কথাটো হ’ল যে, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দ্বাৰাই আয়োজন কৰা হৈছিল এই অনুষ্ঠান (Disrespecting Assam state anthem) ৷  

বিকৃতৰূপত জাতীয় সংগীত পৰিৱেশন কৰাৰ পাচতেই সভাত উপস্থিত থকা একাংশ লোকে আপত্তি দৰ্শোৱাৰ লগতে আয়োজকক কৰিলে প্ৰশ্ন ৷ যাৰ বাবে ক্ষমা খুজিবলৈ বাধ্য হ’ল অনুষ্ঠানৰ আয়োজন ৷ অৱশ্যে চৰকাৰী অনুষ্ঠানত এই দৰেই জাতীয় সংগীত অপমান কৰাটো কোনো নতুন কথা নহয় ৷ সময়ে সময়ে ৰাজ্যৰ ৰাইজে দেখি আছে একাংশৰ বহুৱালি ৷  

যি লোকৰ হাতত ভাষা সুৰক্ষিত নহয়, যি লোকৰ হাতত নিজৰ স্বকীয় সংস্কৃতি সুৰক্ষিত নহয়, যি লোক কেৱল সুবিধাভোগৰ চিন্তা ধাৰাত নিমজ্জিত হৈ থাকে তেনে লোকৰ পৰা অসমীয়া জাতিৰ উত্তৰণ আশা কৰিব পাৰিনে ? এই প্ৰশ্নৰ উত্তৰ এতিয়া সকলোৱে বিচাৰি চোৱাৰ সময় ৷ এটা চৰকাৰী অনুষ্ঠানতেই যদি জাতীয় সংগীতক বিকৃতৰূপত উপস্থাপন কৰা হয়, তেন্তে ইয়াতকৈ হয়তু দুৰ্ভাগ্যজনক বিষয় অসমীয়া জাতিৰ বাবে নাই ৷  

লগতে পঢ়ক: Durlav Gogoi facing problems : দুৰ্লভ গগৈয়ে বন্ধ কৰিলে কৰ্কট ৰোগৰ প্ৰাকৃতিক চিকিৎসা !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.