Poor Road Condition in Dhemaji: পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে দক্ষিণ ধেমাজিৰ আমলখিবাসীক

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 4:31 PM IST

thumbnail

ধেমাজি,27 আগষ্ট : বিগত বৰ্ষৰ পৰা দেশে পালন কৰিছে স্বাধীনতাৰ অমৃত মহোৎসৱ ৷ পিছে স্বাধীনতাৰ অমৃত মহোৎসৱ সেই শ্লোগান কেৱল বিজ্ঞাপনতেই সীমাবদ্ধ হৈ ৰৈছে ৷ কাৰণ বৰ্তমানেও উন্নয়নে ঢুকি পোৱা নাই একাংশ অঞ্চলক ৷  উন্নয়নৰ নামত মাত্ৰ ঢাক-ঢোল বজোৱাৰ বাদে যেন একোৱে নাই ৷ তাৰে উদাহৰণ ধেমাজি সদৰৰ পৰা মাত্ৰ পাচঁ কিলোমিটাৰ দূৰত্বত থকা দক্ষিণ ধেমাজি গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা পথ ৷  

এজাক বৰষুণ দিলেই পথাৰ সদৃশ্য হৈ পৰে পথছোৱা ৷ দক্ষিণ ধেমাজি গাঁও পঞ্চায়তৰ অন্তৰ্গত আমলখি, মৌমাৰী, চুমনি গাঁওকে ধৰি বহুকেইখন গাঁৱৰ লোকসকলে আজিও বোকাময় পথেৰেই যাতায়ত কৰিবলগীয়া হৈছে ৷ কাৰণ উক্ত পথচোৱা মেৰামতিৰ অভাৱত বোকাময় হৈ পৰে, ফলত এস্বুলেন্স যাব নোৱাৰে গাঁওখনলৈ ৷ ছাত্ৰ-ছাত্ৰী, ৰাইজে বাৰিষা একাঁঠু পৰ্যন্ত বোকা পানী গচকি যাব লাগে ৷ আনহাতে নিৰ্বচনৰ সময়ত পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে কিন্তু নিৰ্বাচনৰ পাচত প্ৰতিশ্ৰুতি ধোঁৱা চাঙত উঠে ৷ 

লগতে পঢ়ক:Erosion by Debing river:দেবিং নদীৰ ভয়ংকৰ খহনীয়াই নিদ্ৰা হৰণ কৰিছে বালিজানবাসী ৰাইজৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.