Ragging in Dibrugarh University: ৰেগিং বিৰোধী শ্ল’গানেৰে উত্তাল ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদ

By

Published : Nov 30, 2022, 10:43 AM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ৰেগিং বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত (Student protest against ragging) ৷ ৰেগিঙৰ বলি আনন্দ শৰ্মাক ন্যায় প্ৰদানৰ দাবীত সোমবাৰে নিশা বিশ্ববিদ্যালয় ছাত্ৰ সমাজে সাব্যস্ত কৰিলে এই প্ৰতিবাদ ৷ প্ৰশাসন হুঁচিয়াৰ, আমাক ন্যায় লাগিবই, প্ৰশাসন হায় হায়, ছাত্ৰ- ছাত্ৰীক নিৰাপত্তা প্ৰদান কৰক, ৰেগিং নচলিব, ৰেগিঙত জড়িত ছাত্ৰক কঠোৰ শাস্তি প্ৰদান কৰক, ছাত্ৰ ঐক্য জিন্দাবাদ, আনন্দ শৰ্মাক উন্নত চিকিৎসা প্ৰদান কৰক আদি বিভিন্ন শ্ল’গানেৰে বিশ্ববিদ্যালয়ৰ প্ৰবেশদ্বাৰত বহি কেইবা ঘণ্টা ধৰি প্ৰতিবাদ কৰে ছাত্ৰ-ছাত্ৰীসকলে । উল্লেখ্য যে, আনন্দ শৰ্মা নামৰ ছাত্ৰজনে ৰেগিঙৰ নামত চলা অত্যাচাৰ সহিব নোৱাৰি পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসৰ দ্বিতীয় মহলাৰ পৰা জপিয়াইছিল (Ragging in Dibrugarh University) ৷ তাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইফালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনন্দ শৰ্মা আজিও ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত চিকিৎসাধীন হৈ আছে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.