DU ragging inciedent: ৰেগিংকাণ্ডক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ সংবাদমেল

By

Published : Dec 28, 2022, 10:41 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আছু গোটৰ সংবাদমেল (AASU unit press conference at Dibrugarh University)। বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিংকাণ্ডক (DU ragging inciedent) লৈ সংবাদমেল বিশ্ববিদ্যালয়ৰ আছু গোটৰ । PGSUৰ নৱ- নিৰ্বাচিত সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ বিৰুদ্ধে গ্ৰহণ কৰা নৰম স্থিতিৰ বিৰুদ্ধে সৰৱ আছু । ৰেগিঙৰ দৰে ভয়ংকৰ ঘটনাত জড়িত থকাৰ অভিযোগত অভিযুক্ত উজ্জ্বল অংকুৰ বৰাক ছাত্ৰাৱাসৰ পৰা বহিষ্কাৰ কৰিয়েই এন্টি ৰেগিং কমিটীয়ে দায়িত্ব সামৰাক লৈ ক্ষোভ প্ৰকাশ । পূৰ্বে সংঘটিত হোৱা ৰেগিঙৰ ঘটনাত জড়িত অভিযুক্ত ছাত্ৰৰ বিৰুদ্ধে যি ধৰণৰ শাস্তি বিহা হৈছিল সেইদৰে উজ্জ্বলৰ বিৰুদ্ধে এন্টি ৰেগিং কমিটীয়ে নৰম স্থিতি লোৱা বুলি অভিযোগ আছুৰ । লগতে অভিযোগ উত্থাপন কৰে যে ABVP ৰে জড়িত থকা বাবেই গুৰু শাস্তি প্ৰদানৰ পৰা বিৰত হৈ আছে বিশ্ববিদ্যালয় প্ৰশাসন । উল্লেখযোগ্য যে, ২৬ নৱেম্বৰত বিশ্ববিদ্যালয়ৰ PNGB ছাত্ৰাৱাসত ছুপাৰ ছিনিয়ৰে সংঘটিত কৰা ভয়ংকৰ ৰেগিঙৰ ঘটনাত বলি হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে মেধাৱী ছাত্ৰ আনন্দ শৰ্মা । আনকি আনন্দ শৰ্মাই চিকিৎসালয়ৰ বিছনাৰ পৰাই উজ্জ্বল অংকুৰ বৰাক ৰেগিঙৰ ঘটনাত জড়িত থকাৰ অভিযোগ আনিছিল ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.