Dibrugarh AASU: ডিব্ৰুগড়ত আছু কৰ্মীয়ে ফালিলে বাংলা ভাষাত লিখা পূজাৰ বেনাৰ

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 7:46 PM IST

thumbnail

ডিব্ৰুগড়, 22 অক্টোবৰ : পূজাৰ বতৰত বেনাৰ-পোষ্টাৰত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল আছুৱে ৷ আছুৰ এই আহ্বানক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা সমিতি সমূহে সঁহাৰি জনাইছে যদিও একাংশই অসমীয়া ভাষাক জলাঞ্জলি দি বাংলা ভাষাত বেনাৰ-পোষ্টাৰ লগোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ পাছতে বাংলা ভাষাত লিখা বেনাৰ-পোষ্টাৰৰ বিৰুদ্ধে আছুৰ অভিযান ৷

বাংলা ভাষাত লিখা বেনাৰ ফালি আঁতৰালে আছুৱে ৷ ডিব্ৰুগড় চহৰৰ আৱৰ্ত ভৱনৰ সন্মুখত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কৰ্মী সকলে শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে বাংলা ভাষাত লিখা এখন আদৰণি তোৰণৰ বেনাৰ ফালি সকীয়নি ৷ অসমত অসমীয়া ভাষাক এলাগী কৰিলে পৰিস্থিতি ভয়াৱহ হ'ব ৷ ইংৰাজী, হিন্দীৰ সমান্তৰালকৈ অসমীয়া ভাষাই গুৰুত্ব পাব লাগিব বুলি কয় আছু কৰ্মী সকলে ৷

যিসকল দুস্কৃতিকাৰীয়ে এনে গৰিহনাযোগ্য কাম কৰিছে তেওঁলোকক আজিৰ তাৰিখৰ পৰা সাৱধান হ'বলৈ সকীয়নি প্ৰদান কৰিছে আছুৰ নেতৃত্বই ৷ ডিব্ৰুগড় আছুৰ এই সিদ্ধান্তৰ পাছত বাংলা ভাষা ব্যৱহাৰ কৰা সকল কিমান সচেতন হয় সেইয়া লক্ষ্যণীয় হ'ব ৷ 

লগতে পঢ়ক : Duliajan Gas Leakage: ৰক্ষা পৰিল দুলীয়াজান; তিনি দিনীয়া প্ৰচেষ্টাৰ অন্তত বন্ধ হ’ল তৈল খাদৰ গেছ নিৰ্গমন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.