Assam Nagaland brotherhood: নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানত সম্প্ৰীতিৰ নিদৰ্শন

By

Published : Dec 9, 2022, 10:11 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

অসম-নাগালেণ্ডৰ সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰা হৈছে শতবৰ্ষ অনুষ্ঠান(Assam Nagaland brotherhood) ৷ উল্লেখ্য যে, 1921চনত প্ৰতিষ্ঠা হোৱা নামতি বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অতিক্ৰম কৰিলে শতবৰ্ষ(Diamond Jubilee at Namti Balak Uttcha Madhyamik Vidyalaya) ৷ অসম আৰু নাগালেণ্ড দুয়োখন ৰাজ্যৰ ছাত্ৰই অধ্যয়ন কৰি আহিছে এইখন বিদ্যালয়ত ৷ বিদ্যালয়খনৰ শতবৰ্ষ অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এ চি জমিৰ, ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু, শিৱসাগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কমল গগৈ আৰু আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা ৷ ইফালে, পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ বাৰ্তাৰে অনুষ্ঠান পৰিৱেশন কৰে নাগালেণ্ডৰ সাংস্কৃতিক দলে ৷ এই অনুষ্ঠানতে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে কয় - ‘‘অসমত পুনৰ টেট পৰীক্ষা অনুষ্ঠিত নহয়, পূৰ্বৰ টেট উৰ্ত্তীণসকলক শীঘ্ৰে মকৰলৰ ব্যৱস্থা কৰিব চৰকাৰে’’(Minister Rajon Pegu) ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.