শিখৰ খাই গাত পিক পেলোৱাৰ বাবেই অৰুণাচলত প্ৰাণ গ'ল ধেমাজিৰ যুৱকৰ

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 4:23 PM IST

Updated : Dec 8, 2023, 5:23 PM IST

thumbnail

ধেমাজি, 8 ডিচেম্বৰ : অৰুণাচলত পুনৰ প্ৰাণ গ’ল এজন অসমীয়া যুৱকৰ ৷ দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ গ’ল ধেমাজিৰ মাছখোৱাৰ এজন যুৱকৰ ৷ গুটখা খাই পিক পেলোৱাক লৈ দুটা পক্ষৰ মাজত তীব্ৰ সংঘাতৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ধেমাজিত ৷

জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ ডাপৰিজোৰ পৰা 6 জন যাত্ৰী কঢ়িয়াই অনা AS 22 C 4296 নম্বৰৰ জীপখন ইগ' নামৰ ঠাইখনত নৈশ আহাৰৰ বাবে কিছু সময়ৰ বাবে ৰখাইছিল ৷ তেনেতে গাড়ীখনৰ যাত্ৰী কৃষ্ণ দত্ত নামৰ যুৱকজনৰ সৈতে অচিনাক্ত আন এজন যুৱকৰ গাত গুটখাৰ পিক পেলোৱাক লৈ সৃষ্টি হয় তীব্ৰ তৰ্ক যুদ্ধ ৷ ঘটনাস্থলীত উপস্থিত লোকৰ ভাষ্যমতে, কিছু সময় পূৰ্বে গাড়ীখনত আহি থাকোঁতে সহযাত্ৰী এগৰাকীয়ে গাত গুটখাৰ পিক পেলাইছিল কৃষ্ণ দত্তৰ শৰীৰত ৷ যাক লৈ দুয়োৰে মাজত হতাহতিও হৈছিল ৷ 

পৰিয়ালৰ লোকে দাবী কৰা মতে পৰৱৰ্তী সময়ত ইগ'ত নৈশ আহাৰ গ্ৰহণৰ পিচত প্ৰস্ৰাব কৰিব যাওঁতেই সহযাত্ৰী যুৱকজনৰ ছুৰীকাঘাতৰ ফলত ধেমাজিৰ মাছখোৱাৰ দলগুৰি গাঁৱৰ কৃষ্ণ দত্ত (18) নামৰ যুৱকজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে মৃত যুৱকজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ ঘটনাৰ উচিত তদন্তৰ লগতে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে মৃতকৰ পৰিয়ালে ৷ 

লগতে পঢ়ক : দালালৰাজ! ধান ক্ৰয়ৰ নামত দ্ৰৰিদ্ৰ কৃষকক প্ৰবঞ্চনা অসাধু ব্যৱসায়ীৰ

Last Updated : Dec 8, 2023, 5:23 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.