Death anniversary of Swahid Madan Gogoi: মেলেঙৰ পাখিমৰাত শ্বহীদ মদন গগৈৰ মৃত্যু দিৱস পালন

By

Published : Feb 11, 2023, 4:44 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

টীয়ক, 11 ফেব্ৰুৱাৰী: অসমত অবৈধ অনুপ্ৰবেশকাৰীৰ বিৰুদ্ধে ১৯৭৯ চনত আৰম্ভ হৈছিল অসমীয়াৰ আন্দোলন অৰ্থাৎ অসম আন্দোলন ৷ অনুপ্ৰৱেশমুক্ত অসমৰ গঢ়াৰ স্বাৰ্থত এই আন্দোলনত জপিয়াই পৰিছিল অসমৰ সাহসী ডেকাসকল ৷ মূলতঃ অসম আন্দোলনৰ নেতৃত্ব বহন কৰিছিল সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদে ।

এই আন্দোলন পৰৱৰ্তী সময়ত ১৯৮৫ চনত অন্ত পৰে ৷ ছবছৰীয়া এই আন্দোলনৰ সময়ছোৱাত অনুপ্ৰৱেশমুক্ত অসম গঢ়াৰ স্বাৰ্থত ৮৬০ গৰাকী লোকে নিজৰ জীৱন বলিদান দিয়ে । অসম আন্দোলনত নিজৰ জীৱন বলিদান দিয়া এইসকল শ্বহীদৰ মাজৰে এগৰাকী আছিল টীয়ক সমষ্টিৰ অন্তৰ্গত মেলেং পাখিমৰা গাঁৱৰ জাতীয় নেতা মদন গগৈ ৷

আজি শ্বহীদ মদন গগৈৰ ৪০ সংখ্যক মৃত্যু বাৰ্ষিকী (40th death anniversary of martyr Madan Gogoi) ৷ 1983 চনৰ 11 ফেব্ৰুৱাৰীত অৰ্থাৎ আজিৰ দিনটোতে জাতীয় নেতা মদন গগৈয়ে অনুপ্ৰৱেশমুক্ত অসম গঢ়াৰ সপোনেৰে অসম আন্দোলনত অংশগ্ৰহণ কৰি শ্বহীদ বৰণ কৰিব লগা হৈছিল ৷ আজিৰ দিনটোতে মৃত্যুক আঁকোৱালি লোৱা অসম আন্দোলনৰ বলিষ্ঠ নেতাগৰাকীক পাখিমৰা গাঁওবাসীয়ে প্ৰতিবছৰে 11 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোত শ্ৰদ্ধাৰে সোঁৱৰি আহিছে (Swahid Madan Gogoi death anniversary )।  

বিগত বছৰসমূহৰ দৰে এইবাৰো শ্বহীদ মদন গগৈৰ পৰিয়াল আৰু মেলেঙৰ পাখিমৰা গাঁৱৰ সমাজ কল্যাণ সংঘৰ উদ্যোগ তথা পাখিমৰা গাঁৱৰ ৰাইজৰ সহযোগত শ্বহীদ মদন গগৈৰ পাখিমৰা গাঁওস্থিত শ্বহীদ বেদীৰ প্ৰাংগণত পালন কৰা হয় শ্বহীদ দিৱস (Meleng Pakhimora village)। পুৱা গাঁৱৰ বয়োজ্যেষ্ঠসকলে মাংগলিক ৰীতি নীতি তথা নাম কীৰ্ত্তন সমাপন কৰাৰ পাছত শ্বহীদগৰাকীৰ বেদীত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় (Public tribute ceremony of Swahid Madan Gogoi)।

ইপিনে এই স্থানতে শ্বহীদগৰাকীৰ স্মৃতি তথা ত্যাগক ৰোমন্থন কৰি অনুষ্ঠানত উপস্থিত সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰণ কৰি শ্বহীদগৰাকীৰ স্মৃতি যুগমীয়া তথা সজীৱ কৰি ৰাখিবলৈ কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় । উল্লেখযোগ্য যে পাখিমৰা গাঁৱৰ মূল পথটোকে ধৰি অঞ্চলটোৰ এখন প্ৰাথমিক বিদ্যালয় শ্বহীদগৰাকীৰ নামেৰে নামাকৰণ কৰা হৈছিল ৷ কিন্তু এই বিদ্যালয়খন অসম চৰকাৰৰ বিদ্যালয়সমূহৰ একত্ৰীকৰণ প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে বন্ধ হৈ পৰিছে ।  

অৱশ্যে ৰাইজে বিদ্যালয়খন একত্ৰীকৰণ নকৰিবলৈ তথা শ্বহীদ মদন গগৈৰ নামটো অক্ষুন্ন ৰাখিবলৈ বহুবাৰ প্ৰতিবাদ কৰি উৰ্ধতম কৰ্তৃপক্ষক এই সন্দৰ্ভত এক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছিল যদিও অৱশেষত বিদ্যালয়খন বন্ধ হৈ পৰে ৷ সেয়েহে আজি শ্বহীদগৰাকীৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই এই বিষয়টোত পুনৰ বিবেচনা কৰিবলৈ চৰকাৰক স্থানীয় ৰাইজে আহ্বান জনাইছে ।  

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কাৰ্যসূচীত কেন্দ্ৰীয় চৰকাৰৰ ডাক বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অজিত সন্দিকৈ, পাখিমৰা গাঁৱৰ শংকৰদেৱ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সূৰ্য বুঢ়াগোঁহাই, শ্বহীদ মদন গগৈৰ জ্যেষ্ঠ ভাতৃ বদন গগৈ, বীৰ লাচিত সেনা অসমৰ মুখপাত্ৰ সিদ্ধাৰ্থ বৰুৱা, জিলা সচিব সুজিত দত্ত, বীৰ লাচিত সেনা অসমৰ সভাপতি আদিত্য পানীফুকন, ভাতৃ ঈষান গগৈ, প্ৰদীপ গগৈ, দেৱ বুঢ়াগোঁহাইক প্ৰমুখ্য কৰি অঞ্চলটোৰ বহুসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

লগতে পঢ়ক: Battle of Patharughat: আজি কৃষক শ্বহীদ দিৱস, দৰঙত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে উদযাপন

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.