Home guard deadbody recovered: মিছামাৰীৰ গাভৰু নদীত গৃহৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ

By

Published : Jun 16, 2023, 9:45 PM IST

thumbnail

ৰঙাপৰা,১৬ জুন: শোণিতপুৰ জিলাৰ মিছামাৰীত এটা মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী অনুসৰি পুৱা প্ৰায় ৮ মান বজাত মিছামাৰী আৰু ৰঙাপৰা সমষ্টিৰ মাজেৰে বৈ যোৱা খৰস্ৰোতা গাভৰু নদীখনৰ কোবাল সোঁতত এজন পুৰুষৰ মৃতদেহ তলমূৰকৈ উপঙি থকাৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল জীয়া গাভৰু গাঁৱৰ একাংশ ৰাইজে ।

গাভৰু নদীখন ফেনে-ফুটুকাৰে বাঢ়ি কালৰূপ ধাৰণ কৰি থকাৰ বাবে মৃতদেহটো স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সাহস নকৰাত আৰক্ষীক খবৰ দিয়ে । ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত মিছামাৰী আৰক্ষী থানাৰ এটা আৰক্ষীৰ দল, গাভৰু খণ্ড বন কাৰ্যালয়ৰ বন কৰ্মী আৰু এছ ডি আৰ এফ বাহিনীৰ এটা দল উপস্থিত হয় ।  

মূষলধাৰ বৰষুণৰ বাধা নেওচি গাভৰু নদীখনত তেজপুৰৰ পৰা অহা ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ দলটোৱে অভিযান চলোৱাৰ পিছত বিয়লি প্ৰায় ৩ মান বজাত নদীখনত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অভিযানকাৰীৰ দলটোৱে উদ্ধাৰ কৰা মৃত লোকজনৰ নাম ৰাইচুদ্দিন আহমেদ বুলি জানিবপৰা গৈছে । জানিবপৰা মতে সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ নিউ গাভৰু বন শিৱিৰত গৃহৰক্ষী হিচাপে কৰ্মৰত আছিল ৰাইচুদ্দিন আহমেদে । 

লগতে পঢ়ক: Reshuffle in Assam Police: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ব্যাপক ৰদ-বদল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.