Mariani dead body found news:মৰিয়নীত উলংগ অৱস্থাত মৃতদেহ উদ্ধাৰ, হত্যা কৰি পেলাই দিয়াৰ সন্দেহ

By

Published : Jun 5, 2023, 7:29 AM IST

thumbnail

যোৰহাট, 5 জুন : মৰিয়নী কাটনীবাৰী চাহ বাগিচাত সম্পূৰ্ণ উলংগ অৱস্থাত এগৰাকী অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে বিভিন্ন লোকক সোধাপোছা কৰি আছে (dead body found in Mariani Katonibari bagan) ৷

প্ৰাপ্ত খবৰ অনুসৰি, দেওবাৰে নিশাৰ ভাগত মৰিয়নী ৰেল ষ্টেচনৰ ৱেষ্ট কেবিনৰ কাষৰ কাটনীবাৰী বাগিচাৰ মাজত উলংগ অৱস্থাত এগৰাকী পুৰুষৰ মৃতদেহ উদ্ধাৰ হয়  ৷ বৰ্তমান মৰিয়নী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে (Mariani dead body found news) ৷

তাৎপৰ্যপূৰ্ণ যে, মৰিয়নী ৰে’লৱে ষ্টেচনৰ পৰাৰ নাতিদূৰৈত উলংগ অৱস্থাত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ মৰিয়নী নগৰত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে । একাংশ লোকৰ মতে উক্ত ব্যক্তিজনে আত্মহত্যা কৰা নাই তেওঁক সম্পূৰ্ণৰূপে পৰিকল্পিতভাৱে হত্যা কৰা হৈছে ৷ কিয়নো যদি তেওঁ আত্মহত্যা কৰিলেহেঁতেন এনেদৰে উলংগ হৈ আত্মহত্যা নকৰে । এইয়া সম্পূৰ্ণৰূপত এক পৰিকল্পিত হত্যাকাণ্ড । সেয়েহে এই ঘটনাক আৰক্ষীয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এই হত্যাকাণ্ডৰ লগত জড়িত থকা মূল ব্যক্তিক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে ৰাইজে ।

আনহাতে উক্ত ব্যক্তিজনক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই ৷ বহুতৰ মতে ৰে’লৰ ভিতৰতে উক্ত ব্যক্তিজনক হত্যা কৰি এই স্থানলৈ নিক্ষেপ কৰি আত্মহত্যা ৰূপ দিয়া চেষ্টা চলোৱা হৈছে  ৷

লগতে পঢ়ক : Attempt to murder case: সামান্য কথাতে শহুৰেকে দাৰে ঘপিয়ালে বোৱাৰীয়েকক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.