Amguri kendriya bihu sanmilan: আমগুৰিত কেন্দ্ৰীয় বিহু সন্মিলন উপলক্ষে বিশাল শোভাযাত্ৰা

By

Published : May 1, 2023, 8:17 PM IST

thumbnail

আমগুৰি, ১ মে’ : শিৱসাগৰ জিলাৰ আমগুৰিত কেন্দ্ৰীয় বিহু সন্মিলন উপলক্ষে উলিওৱা হয় বিশাল শোভাযাত্ৰা (cultural procession of Amguri kendriya bihu) । শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে মোহময়ী অভিনেত্ৰী গীতাৱালী ৰাজকুমাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ লগতে বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাই । শোভাযাত্ৰাত অংশগ্ৰহণ কৰি বিহু নাম গাই নাটকৰ সংলাপ আওৰালে অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে ।

বিশাল শোভাযাত্ৰাৰ জৰিয়তে প্ৰতিফলিত কৰা হ’ল অসমীয়া ৰীতি নীতি কৃষ্টি সংস্কৃতিৰ লগতে জনগোষ্ঠীয় নৃত্য আৰু পৰম্পৰা । চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ শিল্পীদলেও অংশগ্ৰহণ কৰিলে শোভাযাত্ৰাত । মহাপুৰুষীয়া সংস্কৃতি,অসমীয়া গ্ৰাম্যাঞ্চলৰ পৰম্পৰা-সামগ্ৰী, বিহু, বিয়া নাম আদি পৰিৱেশনৰ বাবে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে এক বৃহৎ সংখ্যক শিল্পী দলে অংশগ্ৰহণ কৰে (Amguri kendriya bihu sanmilan) ।

আমগুৰি আউনীআটিৰ হেমচন্দ্ৰ গোস্বামী উচ্চতৰ মাধ্যমিক খেলপথাৰৰ পৰা বাহিৰ কৰা বিশাল শোভাযাত্ৰাই সমগ্ৰ আমগুৰি নগৰ পৰিভ্ৰমণ কৰে । দুদিনীয়াকৈ আয়োজিত ৫৪ সংখ্যক আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত বিগত দিনটোত মুকলি বিহু প্ৰদৰ্শন, কণী যুজঁ আৰু পিঠা-পনা বনোৱা প্ৰতিযোগিতা সম্পন্ন হয় । নিশাৰ সাংস্কৃতিক সন্ধ্যাত জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰ আৰু মৈত্ৰেয়ী পাটৰে গীত পৰিবেশন কৰিব ।

লগতে পঢ়ক: Achurya Borpatra abused : ডিব্ৰুগড়ৰ এক অনুষ্ঠানত আচুৰ্য বৰপাত্ৰৰ বাদ্যযন্ত্র ভাঙি দিয়াৰ ভাবুকি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.