Achurya Borpatra abused : ডিব্ৰুগড়ৰ এক অনুষ্ঠানত আচুৰ্য বৰপাত্ৰৰ বাদ্যযন্ত্র ভাঙি দিয়াৰ ভাবুকি

By

Published : May 1, 2023, 10:50 AM IST

thumbnail

ডিব্ৰুগড়,১ মে': ডিব্ৰুগড়ৰ হাতীমুৰাত অনুষ্ঠিত হোৱা ৰঙালী বিহু সন্মিলনত কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ অনুষ্ঠানত উদযাপন সমিতিৰ মইমতালি (Heated situation in Asurya Borpatra show) । কণ্ঠশিল্পীগৰাকীয়ে অনুষ্ঠান সামৰাৰ পাচতো অতিৰিক্ত সময় গীত গাবলৈ বাধ্য কৰালে উদযাপন সমতিৰ একাংশই । অতিৰিক্ত সময় গীত পৰিৱেশ নকৰিলে কণ্ঠশিল্পীগৰাকীৰ বাদ্যযন্ত্র ভাঙি দিয়াৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে শিল্পীগৰাকীয়ে ।  

মঞ্চতে সুৰাৰ ৰাগীত উদযাপন সমিতিৰ ভিন্নজনে শিল্পীগৰাকীক কৰিলে অপমান (Insult to Achurya Borpatra) । মঞ্চতে মুকলি কৈ হাতত মাইক্ৰ'ফোন লৈ কণ্ঠশিল্পীগৰাকীয়ে কৰিলে দুখ প্ৰকাশ । লক্ষণীয় যে সেই সময়তে মঞ্চত দেখা গৈছিল বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা ডিব্ৰুগড় জিলাৰ উপ-সভাপতি তথা ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাক । বিজেপিৰ খনিকৰ মণ্ডলৰ সভাপতি তথা বিজেপিৰ ST মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া ৰাহুল দেৱ সোণোৱালকে ধৰি বহুকেইগৰাকী লোক উপস্থিত আছিল উক্ত অনুষ্ঠানত । 

লগতে পঢ়ক: Tree cutting in Guwahati : উন্নয়নৰ নামত গুৱাহাটীত চলিছে গছ কটাৰ অঘোষিত প্ৰতিযোগিতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.