Mahalaya 2023 : পুৱতি নিশাৰ পৰা মহালয়া উপলক্ষে মাজুলীৰ ৰাজপথত ভক্তৰ ভিৰ

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 7:29 AM IST

thumbnail

মাজুলী, 14 অক্টোবৰ : আজি পবিত্ৰ মহালয়া । মহালয়া উপলক্ষে সমগ্র ৰাজ্যতে উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে । মহালয়া উপলক্ষে পুৱতি নিশা প্ৰায় তিনি বজাৰ পৰা সত্ৰ নগৰী মাজুলীৰ বিভিন্ন প্ৰান্তৰ লগতে কমলাবাৰী চাৰি আলিত দেখা গ’ল ৰাইজৰ ভিৰ ৷ দেখা গ’ল বিভিন্ন ধৰণৰ দোকান পোহাৰো ।

সত্ৰ নগৰী মাজুলীত দুৰ্গা পূজাৰ পৰম্পৰা নাই যদিও বিগত কিছু বছৰৰ পৰা অসমৰ অন্য প্ৰান্তৰ দৰে মাজুলীতো মহালয়া উপলক্ষে এনেদৰে দেখিবলৈ পোৱা গৈছে ভিৰ । মহালায়ক লৈ বিগত কেইটামান বছৰৰ পৰা যি পৰিৱেশৰ সৃষ্টি হৈছে তাক লৈ মাজুলীৰ সচেতন ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মাজুলীৰ স্বকীয় বৈশিষ্ট্য নাইকিয়া হ’ব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে প্ৰশ্নৰ ।

উল্লেখ্য যে, মাজুলীৰ আছে এক নিজস্ব বৈশিষ্ট্য ৷ এই বৈশিষ্ট্য আগন্তুক দিনত মাজুলীবাসী তথা উত্তৰ প্ৰজন্মই ধৰি ৰাখিব পাৰিবনে বুলিও প্ৰশ্নৰ উত্থাপন হৈছে মাজুলীৰ সচেতন লোকৰ মাজত ।

লগতে পঢ়ক : Mahalaya 2023 : আজি শুভ মহালয়া; পুৱতি নিশাই লোকাৰণ্য টীয়কৰ ৰাজপথ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.