Mahalaya 2023 : আজি শুভ মহালয়া; পুৱতি নিশাই লোকাৰণ্য টীয়কৰ ৰাজপথ

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 7:03 AM IST

thumbnail

টীয়ক, 14 অক্টোবৰ : আজি, শনিবাৰে পবিত্ৰ মহালয়া । প্ৰবাদ মতে, আজিৰ দিনটোতে দেৱী দুৰ্গাৰ ধৰালৈ আগমণ ঘটে আৰু এই দিনটোৰ পুৱাৰ ভাগৰ পবিত্ৰ বা ল’লে সমগ্ৰ বছৰটো কুশলে পাৰ হয় । সেই লোক বিশ্বাস অনুসৰি, প্ৰতিবছৰে মহালয়াৰ দিনটোত পুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজে নিজ নিজ ঠাইত এইদৰে ওলাই আহি মহালয়াৰ দিনটোৰ পবিত্ৰ বা লৈ প্ৰাতঃভ্ৰমণ কৰে ।

মহালয়া বুলিলে উজনি অসম তথা যোৰহাট জিলাৰ পৰিৱেশ সুকীয়া । টীয়কতো 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে শনিবাৰৰ পুৱাই হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে ওলাই আহি মহালয়াৰ পবিত্ৰ বা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । একপ্ৰকাৰে উখল-মাখল টীয়কৰ পৰিৱেশ । দেৱী বন্দনাৰে সমগ্ৰ ৰাজ্যৰ লগতে টীয়কতো এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ।

ইপিনে বিগত বছৰৰ দৰে এইবাৰো টীয়ক নগৰৰ মাজমজিয়াত প্ৰজ্ঞা ফাৰ্নিচাৰৰ উদ্যোগত মহালয়াত ওলাই অহা ভক্তৰ বাবে একাপ লাল চাহৰ ব্যৱস্থা কৰিছে এজন ব্যক্তিয়ে ৷ ভক্তিভাৱেৰে সকলোৱে পবিত্ৰ পুৱাটি উদযাপন কৰিছে আৰু লগতে দুৰ্গা দেৱীৰ আগমণে পৃথিৱীৰ পৰা অসুয়া শক্তিৰ বিনাশ হোৱাৰ আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Ritual of Mahalaya: পিতৃদোষ কি ? মহালয়াৰ দিনা কিয় পিতৃপুৰুষক স্মৰণ কৰা হয় ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.