Ritual of Mahalaya: পিতৃদোষ কি ? মহালয়াৰ দিনা কিয় পিতৃপুৰুষক স্মৰণ কৰা হয় ?
পিতৃদোষ কি ? পিতৃপক্ষৰ সময়ছোৱাত বা মহালয়াৰ দিনা কি কৰিলে পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰিব পাৰি ? এই সম্পৰ্কে ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এনেদৰে জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ৷
গুৱাহাটী ১৩ অক্টোবৰ: এই বৰ্ষৰ ১৪ অক্টোবৰ তাৰিখে মহালয়াৰ তিথি ৷ পিতৃপক্ষ আৰু দেৱী পক্ষৰ মাজৰ সন্ধিক্ষণকে মহালয়া বুলি কোৱা হয় ৷ কোৱা হৈছে যে এইবাৰ দেৱীৰ ঘোঁৰাত মত্যলৈ আগমন ঘটিব আৰু ঘোঁৰাতেই স্বৰ্গলৈ গমন কৰিব ৷ মহালয়াৰ আগৰ সময়চোৱা পিতৃপক্ষ ৷ পিতৃ পক্ষৰ এই সময়ছোৱাত হিন্দুধর্ম অনুসৰি আমাৰ উপৰি পুৰুষসকলক স্মৰণ কৰা নিয়ম আছে ৷ আমাৰ জীৱনত উপৰিপুৰুষৰ আশীৰ্বাদ অতি গুৰুত্বপূৰ্ণ ৷ কোৱা হয় যে, মহালয়া পক্ষ হৈছে ভাদ মাহৰ পষেক যেতিয়া আমাৰ পূৰ্বপুৰুষসকলে পৃথিৱী ভ্ৰমণ কৰিবলৈ মত্যলৈ আহে আৰু আমাৰ শ্ৰদ্ধা প্ৰসাদ গ্ৰহণ কৰি আমাক আশীৰ্বাদ প্ৰদান কৰে ৷
যদিহে উপৰি পুৰুষৰ আশীৰ্বাদ আমি জীৱনত নাপাওঁ বা তেওঁলোকৰ দোষ যদি কিবা জীৱনত থাকে তেন্তে কিছু অশুভ ফল লাভ কৰিব পাৰে ৷ ঋণগ্ৰস্ত হোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইটোৰ পিছত সিটো সমস্যা হোৱা দিয়া দেখা যায় ৷ এনেবোৰ সমস্যা পিতৃদোষ থকিলেও হোৱা দেখা যায় ৷
পিতৃদোষ থাকিলে কি কৰাটো বাঞ্চনীয় ?
বহুলোকৰ বহু ক্ষেত্ৰত ব্যস্ততাৰ বাবে বা বিভিন্ন কাৰণত উপৰিপুৰুষৰ শ্ৰাদ্ধ কৰিব পাহৰা দেখা যায় ৷ শ্ৰাদ্ধ কৰিব পাহৰিলেও পিতৃদোষ লগা বুলি কোৱা হয় ৷
সেয়েহে এই পিতৃ পক্ষৰ সময়ছোৱাত তেওঁলোক বাবে অৰ্পণ কৰাটো বাঞ্চনীয় ৷ বা কোনো লোকে যদি তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ তিথি নাজানে তেন্তে তেওঁলোকে পিতৃপুৰুষৰ এই সময়ছোৱাত শ্ৰাদ্ধ কৰিব পাৰে ৷ পিতৃ পক্ষৰ এই সময়ছোৱাত পিতৃ তৰ্পনৰ সময় ৷
পিতৃপক্ষৰ সময়ছোৱাত বা মহালয়াৰ দিনা কি কৰিলে পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰিব পাৰি
১) এই সময়চোৱাত ঘৰত সদায় দক্ষিণৰ ফালে চোতাল বা চাদত যদি পূৰ্বপুৰুষ সকলক স্মৰণ কৰি এগছি ঘী চাকি জলাব পৰিলে ভাল ৷ এনে কৰিলে পিতৃদোষ খণ্ডন হোৱা দেখা যায় ৷
২) মহালয়াৰ দিনা পুৱা ৪টা মান বজাৰ পৰা ৭ মান বজালৈ পিতৃ তৰ্পন কৰা দেখা যায় ৷ পানীত উপৰিপুৰুষৰ সকলৰ বাবে গাখীৰ, কুশ, যব আৰু তিল আটাইখিনি মিহলাই নদীৰ ঘাটত তৰ্পন কৰিব লাগে ৷
৩) মহালয়াৰ দিনটোত পূৰ্ব পুৰুষ সকলৰ বাবে পাঠ আদিও পঢ়িব পাৰে ৷
৪) এই সময়ছোৱাত দান কৰিব পাৰিলে ভাল ৷ দানৰ ভিতৰ শস্য, বস্ত্ৰ বা সোন-ৰূপ আদি দান কৰিব পাৰে ৷ আৰু আটাইতকৈ মহান দান হল গো দান বা গো মূল্য দান ৷
৫) মহালয়াৰ দিনা আহত গছৰ গুৰিত পানী, গাখীৰ, তিল ,যব মিহলাই ঢালিব পাৰে ৷

