CPIM protest in Rangia: ৰঙিয়াত জ্বলন্ত সমস্যা সমাধানৰ দাবী চিপিআইএমৰ প্ৰতিবাদী সভা

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 8:03 PM IST

thumbnail

ৰঙিয়া, ১৫ অক্টোবৰ : ৰঙিয়াত আজি চিপিআইএমৰ উদ্য়োগত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয় । জনসাধাৰণৰ জ্বলন্ত সমস্যা সমূহ সমাধানৰ দাবীত আৰু সম্প্ৰদায়িকতাৰ বিৰুদ্ধে ৰঙিয়া নগৰৰ ঈদগাহ ময়দানত অনুষ্ঠিত হয় এই প্ৰতিবাদী সভা । চি পি আই এম দলৰ উদ্যোগত কামৰূপ আৰু তামুলপুৰ জিলাৰ যৌথ সমাৱেশ অনুষ্ঠিত কৰা হয় । 

মুকলি সভাত চিপিআইএমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, ৰাজ্যিক সম্পাদক মণ্ডলী সদস্য দেৱেন ভট্টাচাৰ্য, ৰঙিয়াৰ প্ৰাক্তন বিধায়ক পূৰ্ণ বড়ো, সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, তামুলপুৰ জিলাৰ সম্পাদক বাপু বড়ো, কামৰূপ জিলা সম্পাদক বাসুদেৱ কলিতা উপস্থিত থাকি বিজেপি নেতৃত্বাধীন কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে ।  

বক্তাসকলে ভাষণ প্ৰসংগত ৰাষ্ট্ৰ তথা ৰাজ্যবাসীয়ে সন্মুখীন হৈ অহা মূল্যবৃদ্ধি, নিবনুৱা সমস্যাকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভতো আলোকপাত কৰে । আনহাতে, ৰঙিয়া তথা তামুলপুৰ জিলাৰ অন্তৰ্গত ভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক দলীয় কৰ্মীৰ সমাৱেশ ঘটা সভাত জ্যেষ্ঠ নেতা দেৱেন ভট্টাচাৰ্য, টিকেন দাসেও ভাষণ আগবঢ়ায় ।

লগতে পঢ়ক:Protest in Kokrajhar: দাবী নামানিলে উলংগ হৈ প্ৰতিবাদ কৰাৰ হুংকাৰ মধ্যাহ্ন ভোজন কৰ্মীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.