ETV Bharat / state

Protest in Kokrajhar: দাবী নামানিলে উলংগ হৈ প্ৰতিবাদ কৰাৰ হুংকাৰ মধ্যাহ্ন ভোজন কৰ্মীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 6:51 PM IST

মধ্যাহ্ন ভোজন কৰ্মী আৰু সহায়িকাৰ হুংকাৰ “আমাক উলংগ হৈ প্ৰতিবাদ কৰিবলৈ বাধ্য নকৰিব ৷ আমি উলংগ হৈ প্ৰতিবাদ কৰিবলৈ ভয় নকৰো ৷" ১০ নৱেম্বৰৰ ভিতৰত জনতা ভৱন ঘেৰাও কৰাৰ হুংকাৰ ৷

Protest in Kokrajha
মধ্যাহ্ন ভোজন কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ

মধ্যাহ্ন ভোজন কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ

কোকৰাঝাৰ, ১৫ অক্টোবৰ: মধ্যাহ্ন ভোজন ৰান্ধনী আৰু কৰ্মী সহায়িকাৰ মাহিলী পাৰিশ্ৰমিক ৯,৬০০ টকালৈ বৃদ্ধি কৰাৰ দাবীত দেওবাৰে বিয়লি কোকৰাঝাৰত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মী আৰু সহায়িকা সন্থাই এক প্ৰতিবাদী সমদল উলিয়ায় ৷ বিটিএডিৰ সদৰ কোকৰাঝাৰৰ তিতাগুড়ি ইৰাগদাও ভৱনৰ পৰা জেডিৰোডৰ তিতাগুড়ি বজাৰলৈ মধ্যাহ্ন ভোজন কৰ্মী আৰু কৰ্মী সন্থাই এই প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই সমদল কাৰ্যসূচীত বিটিআৰ বিভিন্ন জিলাৰ দুই শতাধিক কৰ্মী-সহায়িকাই অংশগ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰী সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিবেশ উত্তাল কৰি তোলে ৷ ইপিনে, প্ৰতিবাদী সমদল কাৰ্যসূচীৰ নেতৃত্ব দিয়া সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মী আৰু সহায়িকা সন্থাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা কৃষ্ণা নাথে চৰকাৰৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় মুখ্যমন্ত্ৰীয়ে টেকেলী আঁচনি উলিয়াব পাৰে, চাইকেল আঁচনি দিব পাৰে, ঘৰত বহি থকা মহিলাসকলক অৰুণোদয় আঁচনি দিব পাৰে কিন্তু মধ্যাহ্ন ভোজন ৰান্ধনী আৰু কৰ্মী সহায়িকাৰ সামান্য মাহিলী পাৰিশ্ৰমিক নিয়মীয়া কৰিব নোৱাৰে ।

লগতে পঢ়ক:Zubeen Garg in Morigaon: জিলা দিৱসত মৰিগাঁৱত জুবিন গাৰ্গৰ সংগীতৰ মায়াজাল; তালে তালে অনুৰাগীৰ নৃত্য

তেওঁ পুনৰ কয়," এইখন চৰকাৰে প্ৰতিবাদৰ ভাষা বুজি নাপায় ৷ চুলি খুৰাই প্ৰতিবাদ কৰিছিলো ৷ আমি উলংগ হৈ প্ৰতিবাদ কৰিবলৈ ভয় নকৰো ৷ " গতিকে আমাক উলংগ হৈ প্ৰতিবাদ কৰিবলৈ বাধ্য নকৰিব বুলি মুখ্যমন্ত্ৰীক হুংকাৰ প্ৰদান কৰে ৷ ইফালে, কোকৰাঝাৰত থকা ৪০০০ মধ্যাহ্ন ভোজন ৰান্ধনী আৰু কৰ্মী সহায়িকাৰ বাবে প্ৰমোদ বড়োই এবাৰো মাত নমতা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষ্ণা নাথে সমস্যা সমামান নহ'লে অহা ১০ নৱেম্বৰৰ ভিতৰত জনতা ভৱন ঘেৰাও কৰাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক: Pioneers of Higher Education Award 2022 : লখিমপুৰৰ বলিনাৰায়ণ ফুকনলৈ অৰুণাচলৰ উচ্চ শিক্ষাৰ সৰ্বোচ্চ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.