ETV Bharat / state

Pioneers of Higher Education Award 2022 : লখিমপুৰৰ বলিনাৰায়ণ ফুকনলৈ অৰুণাচলৰ উচ্চ শিক্ষাৰ সৰ্বোচ্চ সন্মান

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 2:19 PM IST

লখিমপুৰৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ বলিনাৰায়ণ ফুকনলৈ অৰুণাচল প্ৰদেশৰ উচ্চ শিক্ষা বিভাগে প্ৰদান কৰে সৰ্বোচ্চ সন্মান । চুবুৰীয়া ৰাজ্যখনৰ ৰাজ্যপালে অৰুণাচলত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পায়নিয়াৰ অৱ হায়াৰ এডুকেচন ২০২২ বঁটা প্ৰদান কৰে ।

Pioneers of Higher Education Award 2022
অৰুণাচলৰ উচ্চ শিক্ষাৰ সৰ্বোচ্চ সন্মান লাভ

অৰুণাচলৰ উচ্চ শিক্ষাৰ সৰ্বোচ্চ সন্মান লাভ

লখিমপুৰ, ১৫ অক্টোবৰ : লখিমপুৰৰ বলিনাৰায়ণ ফুকনলৈ অৰুণাচল প্ৰদেশৰ সৰ্বোচ্চ "পায় নিয়াৰ অৱ হায়াৰ এডুকেচন ২০২২" সন্মান । ৰাজ্যপালে সন্মানিত কৰিলে বিশিষ্ট শিক্ষাবিদজনক । অৰুণাচল প্ৰদেশৰ এক সৰ্বোচ্চ সন্মান "পায় নিয়াৰ অৱ হায়াৰ এডুকেচন ২০২২" আগবঢ়োৱা হৈছে লখিমপুৰৰ বলিনাৰায়ণ ফুকনলৈ ।

অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰস্থিত ডেৰা নাটুং চৰকাৰী কলেজৰ অৱসৰী অধ্যক্ষ বলিনাৰায়ণ ফুকনক অলপতে অৰুণাচলৰ ৰাজ্যপালে আনুষ্ঠানিকভাৱে এই সন্মান প্ৰদান কৰে । ৰাজ্যখনত উচ্চ শিক্ষাৰ ক্ষেত্ৰত ফুকনে আগবঢ়োৱা অৱদানৰ বাবে চৰকাৰে তেওঁক এই সন্মান প্ৰদান কৰা হয় ।

ৰাজ্যখনৰ ৰাজধানী ইটানগৰত অনুষ্ঠিত হোৱা ২১ সংখ্যক উচ্চ আৰু কাৰিকৰী শিক্ষাৰ এক উদ্বোধনী অনুষ্ঠানত ৰাজ্যপালে বলিনাৰায়ণ ফুকনক এই সন্মান প্ৰদান কৰে । বিশিষ্ট শিক্ষাবিদজনৰ এনে সন্মান প্ৰাপ্তিৰ খবৰে লখিমপুৰত আনন্দৰ জোৱাৰ তুলিছে । লখিমপুৰৰ শিক্ষাবিদজন এনেদৰে বহিঃৰাজ্যত সন্মানিত হোৱাৰ বাবে সকলোৱে তেওঁৰ শুভেচ্ছা জনাইছে ।

Arunachal pioneer award to Balinarayan Phukan
পায়নিয়াৰ অৱ হায়াৰ এডুকেচন ২০২২ বঁটা প্ৰদান

উল্লেখ্য যে, বলি নাৰায়ণ ফুকনে ১৯৬৬ চনতে ৰাজনীতি বিজ্ঞান বিষয়ত প্ৰথম শ্ৰেণী অধিকাৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MA পৰীক্ষা উত্তীৰ্ণ হৈছিল । তাৰ আগেয়ে তেওঁ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা যথাক্ৰমে প্ৰথম স্থান আৰু ডিষ্টিংচন লাভ কৰি মেট্ৰিক, IA আৰু BA পৰীক্ষা উত্তীৰ্ণ হৈছিল ।

MA উত্তীৰ্ণ হোৱাৰ পিচতে তেওঁ উত্তৰ লখিমপুৰ মহাবিদ্যালয়, গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় আৰু বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ (তেতিয়াৰ NEFA) পাছিঘাটৰ জৱাহৰলাল নেহৰু চৰকাৰী মহাবিদ্যালয়- এই তিনিওখন মহাবিদ্যালয়ৰ পৰাই চাকৰিৰ প্ৰস্তাৱ লাভ কৰিছিল ।

অৱশেষত তেতিয়াৰ শৈক্ষিকভাৱে পিচপৰা অৰুণাচল প্ৰদেশৰ ছাত্ৰ-ছাত্ৰী, যুৱ প্ৰজন্মৰ মাজত উচ্চশিক্ষা প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্য সাৰোগত কৰি পাছিঘাটৰ জৱাহৰলাল নেহৰু চৰকাৰী মহাবিদ্যালয়ত ১৯৬৭ চনৰ ৩১ জুলাইত প্ৰবক্তা হিচাপে তেওঁ যোগদান কৰে । সেই মহাবিদ্যালয়ত তেওঁ ১৯৮১ চনলৈকে উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়ায় ।

সেই বছৰতে তেওঁক ইটানগৰস্থিত ডেৰা নাটুং চৰকাৰী মহাবিদ্যালয়লৈ (Itanagar Government College) জ্যেষ্ঠ প্ৰবক্তা হিচাপে পদোন্নতি দি বদলি কৰা হয় । কেইদিনমানৰ পিচতে একেখন মহাবিদ্যালয়তে Selection Grade Lecture হিচাপে পদোন্নতি লাভ কৰে ।

অৱশেষত সেই একেখন মহাবিদ্যালয়ৰ অধ্যক্ষ পদত অধিষ্ঠিত হয় আৰু ২০০১ চনৰ ১ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে । তেওঁ নিজৰ কৰ্ম জীৱনত অৰুণাচল প্ৰদেশত উচ্চশিক্ষা প্ৰসাৰৰ বাবে দেহে-কেহে খাটিছিল, অহোপুৰুষাৰ্থ কৰিছিল ।

ব্যক্তিগৰাকীৰ সেই নিঃস্বাৰ্থ অবদানক কিন্তু অৰুণাচল প্ৰদেশ চৰকাৰে পাহৰি নগ'ল । তাৰেই চিন স্বৰূপে চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰখনে ব্যক্তিগৰাকীক "PIONEER OF HIGHER EDUCATION 2022" বঁটা (শিক্ষাৰ ক্ষেত্ৰত চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰে আগবঢ়োৱা সৰ্বোচ্চ সন্মান) ৰে সন্মানিত কৰি যোগ্য প্ৰতিদান দিয়ে ।

উল্লেখ্য যে, অৰুণাচলৰ মুখ্যমন্ত্ৰী গেগং আপঙকে ধৰি কেইবীজনো মন্ত্ৰী বলিনাৰায়ণ ফুকনৰ ছাত্ৰ আছিল । এয়া লখিমপুৰ জিলাখনৰ বাবেই নহয়, সমগ্ৰ অসমৰ বাবেই এক গৌৰৱৰ বিষয় । আন এক উল্লেখ্য দিশ হ’ল বলি নাৰায়ণ ফুকন লখিমপুৰৰ এজন সু-সন্তান, যি এজন শিক্ষাবিদ হোৱাৰ উপৰি এজন নিষ্ঠাবান যোগসাধক তথা যোগ তত্ববিদ - শিৱানন্দ সৰস্বতী প্ৰেৰণা বঁটাকে ধৰি বিভিন্ন সন্মানেৰে বিভূষিত নিজকে সদায় প্ৰচাৰৰ পৰা নিলগাই ৰখা প্ৰকৃততেই এজন আদৰ্শবান পুৰুষ ।

অৱসৰৰ পিচতো অৱসৰী জীৱন যাপন নকৰা এই দূৰন্ত তৰুণগৰাকী নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পিচত বৰ্তমান নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতাত্বিক অধ্যয়ন বিশ্ববিদ্যালয়ৰ সৈতে বৰ্তমানো জড়িত হৈ আছে ।

লগতে পঢ়ক : Tribute to Jayanta Hazarika: শিল্পী জয়ন্ত হাজৰিকালৈ ৪৬ সংখ্যক মৃত্যুবাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.